
ডি জি পদৰ এগৰাকী কৰ্ণাটক আৰক্ষী (DG Police officer) বিষয়াই কাৰ্যালয়ত বহি বিভিন্ন মহিলাৰ সৈতে অনুপযুক্ত কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ। এই সম্পৰ্কীয় ছবি আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে তৎপৰ হয় কৰ্ণাটক (Karnataka)ৰ কংগ্ৰেছ চৰকাৰ। অভিযুক্ত আৰক্ষী বিষয়া কে ৰামচন্দ্ৰ ৰাওক নিলম্বন কৰা হৈছে। কৰ্ণাটক আৰক্ষীৰ অন্যতম ডি জি (চিভিল ৰাইটছ এনফ’ৰ্চমেণ্ট) হৈছে ৰামচন্দ্ৰ (Ram Chandra)।
কৰ্ণাটক চৰকাৰে জাৰি কৰা অধিসূচনাত কোৱা হৈছে, “প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰে অনুভৱ কৰে যে নাগৰিক অধিকাৰ বলৱৎকাৰী বিভাগৰ ডি জি ৰামচন্দ্ৰ ৰাওক তৎকালীনভাৱে নিলম্বন কৰাটো প্ৰয়োজন।” অৱশ্যে এই সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি অধিসূচনাত উল্লেখ আছে। নিলম্বনৰ সময়ছোৱাত কোনো কাৰণতে কৰ্ণাটক আৰক্ষীৰ মুখ্য কাৰ্যালয় এৰিব নোৱাৰিব ৰামচন্দ্ৰই। চৰকাৰৰ লিখিত অনুমতি লাভ কৰিহে তেওঁ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা ওলাই যাব পাৰিব।

সোমবাৰে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত একাধিক ফটো আৰু ভিডিঅ’ত দেখা গৈছে যে আৰক্ষীৰ ইউনিফৰ্ম পৰিধান কৰা ৰামচন্দ্ৰই নিজৰ কাৰ্যালয়ত বহি একাধিক মহিলাৰ সৈতে অনুচিত আচৰণ কৰিছিল। ভিডিঅ’টোক লৈ বিতৰ্ক আৰম্ভ হোৱাৰ পিছত সোমবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “আজি পুৱাই এই বিষয়ে জানিব পাৰিলোঁ। আমি তেওঁৰ (ৰামচন্দ্ৰ) বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল’ম। কোনোৱেই আইনৰ ওপৰত নহয়।” কৰ্ণাটকৰ বৰ্তমানৰ বিৰোধী দল বিজেপিয়েও আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। কিন্তু ৰামচন্দ্ৰই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খাৰিজ কৰিছে। তেওঁ অভিযোগ কৰে যে তেওঁক ভুৱা অভিযোগত অভিযুক্ত কৰা হৈছে। ৰামচন্দ্ৰই কয়, “মই স্তম্ভিত হৈছোঁ। সকলোবোৰ সম্পাদনা আৰু মিছা। ভিডিঅ’টো সম্পূৰ্ণ মিছা। এই বিষয়ে মোৰ কোনো ধাৰণায়ে নাই।” ভিডিঅ’টোক লৈ বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে ৰামচন্দ্ৰই সোমবাৰে কৰ্ণাটকৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰক সাক্ষাৎ কৰিব বিচাৰিছিল। কিন্তু খবৰ অনুসৰি এই তেওঁক সাক্ষাতৰ অনুমতি নিদিলে।
উল্লেখ্য যে ৰামচন্দ্ৰ হৈছে ১৯৯৩ চনৰ বেটচৰ আই পি এছ বিষয়া। তেওঁৰ দাবী যে যিবোৰ ভিডিঅ’ৰ পৰা তেওঁক অভিযুক্ত কৰিবলৈ চেষ্টা কৰা হৈছে সেইবোৰ আঠ বছৰ পুৰণি। সেই সময়ত তেওঁ কৰ্ণাটকৰ বেলাগাৱীত আছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, ভিডিঅ’টোত বিভিন্ন মহিলাই ৰামচন্দ্ৰক লগ কৰিবলৈ যোৱা দেখা গৈছে। ৰামচন্দ্ৰই তেওঁলোকৰ লগত ঘনিষ্ঠ হৈ কথা পাতি থকা দেখা গৈছে। সূত্ৰটোৱে দাবী কৰা মতে, তেওঁ দুই-এগৰাকী মহিলাক চুম্বন কৰাও দেখা যায়।










