
মঙলবাৰে ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ নতুন সৰ্বভাৰতীয় সভাপতি (New President) হিচাপে যুৱ নেতা নীতিন নবীন (Niten Nabin)ৰ নাম ঘোষণা কৰা হয়। দলৰ এই গুৰুত্বপূৰ্ণ পদত জে পি নাড্ডাৰ ঠাইত তেওঁ দায়িত্ব গ্ৰহণ কৰে। ৪৫ বছৰীয়া নীতিন নবীনৰ নিযুক্তিক বিজেপি সংগঠনক আৰু অধিক শক্তিশালী কৰাৰ লগতে নেতৃত্বৰ প্ৰজন্মৰ পৰিৱৰ্তনৰ এক স্পষ্ট বাৰ্তা হিচাপে দেখা গৈছে।
বিশেষকৈ পশ্চিমবংগ, তামিলনাডু, অসম আৰু উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্তক ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। দলীয় সূত্ৰই লগতে জনাইছে যে নবীনৰ নিযুক্তি কংগ্ৰেছৰ নেতৃত্বৰ গাঁথনিৰ সম্পূৰ্ণ বিপৰীত। কিয়নো সম্প্ৰতি কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি ৮৪ বছৰীয়া প্ৰবীণ নেতা মল্লিকাৰ্জুন খাৰ্গে।
নীতিন নবীনৰ সৈতে দীৰ্ঘদিন ধৰি কাম কৰা কেইবাজনো বিজেপি নেতাই তেওঁক কঠোৰ পৰিশ্ৰমী, ৰাজনৈতিকভাৱে কৌতুহলী আৰু ‘পাৰ্টী ফাৰ্ষ্ট’ মানসিকতাৰ ব্যক্তি বুলি অভিহিত কৰিছে। তেওঁক মাটিৰ মানুহ আৰু ‘সমন্বয়’ৰ ৰাজনীতিত বিশ্বাসী নেতা হিচাপে গণ্য কৰা হয়। বহুতে লগতে কয় যে নীতিন নবীনৰ সামাজিক পৰিচয়েও তেওঁক এই পদৰ বাবে আগত ৰাখিছে।

দলীয় নেতৃত্বৰ এটা অংশৰ মতে, বিজেপিৰ নতুন সৰ্বভাৰতীয় সভাপতিজনে শীৰ্ষ নেতৃত্বৰ কৰ্মশৈলী ভালদৰে বুজি পায়। তেওঁ সীমা অতিক্ৰম নকৰে। ইয়াৰ উপৰি জ্যেষ্ঠ নেতাৰ লগত যাবলৈও ভালপায়। ফলত নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নেতৃত্বাধীন সংগঠনটোৰ ভাৰসাম্য হেৰুওৱাৰ কোনো বিপদ নাই বুলি বিশ্বাস কৰা হয়। ২০২৩ চনত ছত্তীশগড় বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰৰ দায়িত্ব দিয়া হৈছিল নীতিন নবীনক। সেই সময়ত কংগ্ৰেছ নেতা ভূপেশ বাঘেলৰ নেতৃত্বত কংগ্ৰেছে তাত এক শক্তিশালী ভিত্তি গঢ়ি তুলিছিল আৰু বেছিভাগ সমীক্ষা আৰু এগজিট প’লত কংগ্ৰেছৰ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছিল।
কিন্তু নবীনৰ নেতৃত্বত সেই নির্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, বিজেপিৰ সফলতাৰ চাবিকাঠি আছিল সংগঠনৰ পুনৰ্গঠন, বুথ পৰ্যায়ত সমন্বয় আৰু তৃণমূল পৰ্যায়ত পৰিকল্পনা। বিশেষকৈ একেৰাহে চতুৰ্থবাৰৰ বাবে লোকসভাত জয়লাভ কৰাৰ লক্ষ্যৰে নবীনৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যকালত এই কৌশল বৃহত্তৰ পৰিসৰত প্ৰয়োগ কৰা হ’ব বুলি আশা কৰা হৈছে।
ৰাজনৈতিক মহলৰ মতে ছত্তীশগড়ৰ প্ৰচাৰ অভিযানে নীতিন নবীনক ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত আগুৱাই লৈ গৈছে, যিটো বিহাৰত তেওঁৰ ব্যক্তিগত ৰাজনৈতিক সফলতাতকৈও অধিক। তাত তেওঁ কঠোৰ ৰাজনৈতিক দায়িত্ব চম্ভালিব পৰা ক্ষমতা প্ৰমাণ কৰে। ইয়াৰ বাহিৰেও দলীয় সূত্ৰই দাবী কৰিছে যে প্ৰায় তিনি দশকৰ পাছত ৰাজধানীত ৰাজনৈতিক নিয়ন্ত্ৰণ পুনৰ ঘূৰাই অনাত নবীনৰ অৱদান তাৎপৰ্যপূৰ্ণ।
উল্লেখ্য যে মঙলবাৰে পুৱা দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নীতিন নবীনক দলটোৰ নতুন সৰ্বভাৰতীয় সভাপতি হিচাপে ঘোষণা কৰা হয়।










