![]()
পুত্ৰক হত্যা কৰাৰ অপৰাধত তিনি বছৰৰ মূৰত দোষী সাব্যস্ত হয় এগৰাকী মাতৃ। আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। অভিযোগ অনুসৰি, মহিলাগৰাকীয়ে নিজৰ পাঁচ বছৰীয়া সন্তানটোক বিবাহ বহিৰ্ভূত (Marital affair) প্ৰেমৰ সম্পৰ্কৰ বাবে ছাদৰ পৰা পেলাই দিছিল। প্ৰথমতে তেওঁ ইয়াক দুৰ্ঘটনা বুলি ক’বলৈ চেষ্টা কৰিছিল। কিন্তু পিছত নিজেই ভাগি পৰে আৰু স্বামীৰ আগত এই অপৰাধ স্বীকাৰ কৰে।
মধ্যপ্ৰদেশৰ গোৱালিয়ৰ (Gwalior)ৰ এই মহিলাগৰাকীৰ নাম জ্যোতি ৰাথোৰ। তেওঁ আৰক্ষী কনিষ্টবল ধ্যান চন্দ ৰাথোৰৰ পত্নী। ২০২৩ চনৰ ২৮ এপ্ৰিলত দ্বিতীয় মহলাৰ ছাদৰ পৰা পৰি পুত্ৰৰ মৃত্যু হয় পুত্ৰৰ। অভিযুক্ত জ্যোতিয়ে নিজৰ চুবুৰীৰ এজন যুৱকৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক ৰাখিছিল। স্বামীয়ে গম পোৱা নাছিল এই বিষয়ে।

অৱশ্যে এদিন পাঁচ বছৰীয়া যতীনৰ মাতৃক চুবুৰীয়াৰ খুড়াকৰ লগত অন্তৰংগ সম্পৰ্কত থকা দেখা পায়। ইয়াৰ পিছত জ্যোতিয়ে ভয় খাইছিল যে এই কথাবোৰ হয়তো পিতৃক ক’ব পাৰে। তেতিয়াই তেওঁ পুত্ৰক হত্যা কৰাৰ পৰিকল্পনা কৰে। তেওঁ শিশুটিক দ্বিতীয় মহলাৰ ছাদলৈ লৈ গৈ ওপৰৰ পৰা পেলাই দিয়ে।
ইয়াৰ পিছত উদ্ধাৰ কৰি তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ২৪ ঘণ্টীয়া সংগ্ৰামৰ অন্তত শিশুটিৰ মৃত্যু হয়। প্ৰথম অৱস্থাত শিশুটি ছাদৰ পৰা পৰি যোৱা বুলি ভবা হৈছিল। কিন্তু যতীনৰ পিতৃৰ সন্দেহ আছিল। অৱশ্যে ১৫ দিনৰ অন্তত অভিযুক্ত মাতৃয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে। থানাত পত্নীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছিল কনিষ্টবল ধ্যান চান্দে। পিছত প্ৰেমিককো গ্ৰেপ্তাৰ কৰা হয়। কিন্তু প্ৰমাণৰ অভাৱত আদালতে তেওঁক মুকলি কৰি দিয়ে। এই গোচৰটো ডেৰ-দুবছৰতকৈও অধিক সময় ধৰি চলি আছে। শেহতীয়াকৈ আদালতে জ্যোতিৰ শাস্তি ঘোষণা কৰে। এতিয়া বাকী থকা জীৱন তেওঁ কাৰাগাৰত কটাব লাগিব।










