![]()
বৃহনমুম্বাইৰ ঠাকৰে পৰিয়ালৰ দুৰ্গৰ পতন। পৌৰ নিগমৰ নিৰ্বাচনত (BMC election) ২২৭ খন আসনৰ ভিতৰত বিজেপি আৰু একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনা মিত্ৰজোঁটে ১১৮ খন আসনত জয়লাভ কৰে। আনহাতে, উদ্ধৱ ঠাকৰেৰ শিৱসেনাই (ইউ বি টি) লাভ কৰে ৬৫ খন আসন।
বিজেপি আৰু শিন্দেৰ আসনৰ সংখ্যা ক্ৰমে ৮৯ আৰু ২৯ খন। উদ্ধৱৰ শিৱসেনা (ইউ বি টি), ৰাজ ঠাকৰেৰ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা আৰু শাৰদ পাৱাৰৰ এন চি পি (এছ পি) মিত্ৰজোঁটে মুঠ ৭২ খন আসন লাভ কৰে। ইয়াৰে ভিতৰত নৱনিৰ্মাণ সেনাই ৬ খন আৰু শাৰদ পাৱাৰৰ দলে এখন আসন লাভ কৰে। উদ্ধৱৰ দলে লাভ কৰে ৬৫ খন আসন। আনহাতে, কংগ্ৰেছ, এ আই এম আই এম, অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি আৰু সমাজবাদী পাৰ্টীয়ে ক্ৰমে ২৪, ৮, ৩ আৰু ২ খন আসনত জয়লাভ কৰে।

উল্লেখ্য যে ১৯৯৭ চনৰ পৰা ২৫ বছৰ ধৰি পৌৰ নিগমখন অবিভক্ত শিৱসেনাৰ নিয়ন্ত্ৰণত আছিল। ইয়াৰ পূৰ্বে ২০১৭ চনত বৃহনমুম্বাইত নিৰ্বাচন অনুষ্ঠিত হৈছিল, যাৰ কাৰ্যকাল ২০২২ চনলৈকে আছিল। তেতিয়াৰে পৰা পৌৰ নিগম আয়ুক্তৰ দ্বাৰা পৰিচালিত হৈছিল। ২০২৬ চনৰ নিৰ্বাচনৰ পিছত এতিয়া পৌৰ নিগমখন বিজেপি-শিন্দে মিত্ৰজোঁটৰ নিয়ন্ত্ৰণত থাকিব।
শুকুৰবাৰে মহাৰাষ্ট্ৰৰ ২৯ খন পৌৰ নিগমত অনুষ্ঠিত হয় ভোটগণনা। সংবাদ সংস্থা পি টি আইৰ মতে, ছত্ৰপতি সম্ভাজিনগৰৰ এটা গণনা কেন্দ্ৰত আৰক্ষীৰ লাঠিচালনাৰ সময়ত আহত হয় প্ৰাক্তন মেয়ৰ তথা শিৱসেনাৰ নেতা বিকাশ জৈন। এই ঘটনাৰ প্ৰতিবাদত শিৱসেনা আৰু মহাৰাষ্ট্ৰৰ সামাজিক ন্যায় মন্ত্ৰী সঞ্জয় শিৰছাটে আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।












