ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Technology

ISRO : ইছৰোৰ ৰকেটত থকা উপগ্ৰহকেইটা মহাকাশত হেৰাই গ’ল নেকি, ভুল ক’ত হ’ল?

নিউজ ডেস্কঃ

News Desk by News Desk
January 12, 2026
Reading Time: 1 min read
A A
0
ISRO : ইছৰোৰ ৰকেটত থকা উপগ্ৰহকেইটা মহাকাশত হেৰাই গ’ল নেকি, ভুল ক’ত হ’ল?

RELATED POSTS

Unlocking HDR Formats: A Strategic Guide to HDR10 vs. Dolby Vision

Can Technology Revive Timeless Traditions? The Smart Heritage Tourism Revolution in Northeast India

New Logo Very Smal | ASSAM TIMES POST

বছৰৰ প্ৰথমটো অভিযানতেই ইছৰো (ISRO)ৱে আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছে। পি এছ এল ভি (PSLV) ৰকেটে ১৫টা উপগ্ৰহ কক্ষপথত স্থাপন কৰাত ব্যৰ্থ (Failed to place in the corridor) হয়। ইয়াৰে কমেও আঠটা আছিল বিদেশী পেলোড। আনহাতে, এটা আছিল অসমৰ (It was from Assam)। অৱশ্যে সংস্থাটোৱে এতিয়াও আনুষ্ঠানিকভাৱে এই অভিযানক ব্যৰ্থ বুলি ঘোষণা কৰা নাই। অৱশ্যে সকলো উপগ্ৰহ মহাকাশত হেৰাই গৈছে বুলি ধাৰণা কৰা হৈছে।

কিন্তু ইছৰোৱে এই সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই। ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে মাথোঁ কয়, “মিছনটোত কাৰিকৰী বিজুতি ঘটিছিল। আমি তথ্য বিশ্লেষণ কৰি আছোঁ আৰু অতি সোনকালে সবিশেষ দিম।” কিন্তু পি এছ এল ভি বিফল হোৱাটো এইবাৰে প্ৰথম নহয়। ২০২৫ চনতো এই ৰকেটৰ মিছন বিফল হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে এইবাৰো শেষবাৰৰ দৰেই এই সমস্যাটো মিছনৰ তৃতীয় পৰ্যায়ত সংঘটিত হয়।

isro 1 | ASSAM TIMES POST
ইছৰোৰ ৰকেটত থকা উপগ্ৰহকেইটা মহাকাশত হেৰাই গ’ল

সোমবাৰে পুৱা ১০.১৮ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা নিক্ষেপ কৰা হয় পি এছ এল ভি ৰকেট। ৰকেটটোত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডি আৰ ডি অ’) দ্বাৰা নিৰ্মিত বিশেষ কৃত্ৰিম উপগ্ৰহ ‘অন্বেষা’ও (যাৰ চৰকাৰী নাম ই অ’ এছ-এন১) আছিল। উৎক্ষেপণ সফল হোৱাৰ পিছত পি এছ এল ভিয়ে নিৰ্দিষ্ট কক্ষপথত উপনীত হ’বলৈ প্ৰথম দুটা পৰ্যায় সম্পূৰ্ণ কৰিছিল। কিন্তু তৃতীয় পৰ্যায়টোত বিঘিনি ঘটে। উৎক্ষেপণৰ ৮-১০ মিনিটৰ ভিতৰতে যান্ত্ৰিক বিজুতি ঘটি ৰকেটটো আকাংক্ষিত কক্ষপথৰ পৰা বিচ্যুত হয়। সাধাৰণতে পি এছ এল ভি অভিযানৰ চাৰিটা পৰ্যায় আছে- দুটা ছলিড আৰু দুটা লিকুইড পৰ্যায়। ইয়াৰে তৃতীয় পৰ্যায়ত সমস্যাটো সংঘটিত হয়। হঠাতে ভেহিকেলৰ উচ্চতা আৰু গতিবেগ নূন্যতম প্ৰয়োজনীয় স্তৰৰ বহু তললৈ নামি যায়। ভেহিকেলৰ ৰোল ৰেট আৰু উৰণৰ পথো বিচ্যুত হয়।

ইছৰোৰ মুৰব্বীয়ে কয়, “প্ৰথম অৱস্থাত ৰকেটৰ উৰণৰ পৰ্যায়সমূহ কোনো সমস্যা নোহোৱাকৈ পাৰ হৈছিল। কিন্তু তৃতীয় পৰ্যায়ত (পিএছ৩) চেম্বাৰটোৰ চাপ হঠাতে বহু কমি আহে। ফলত পি এছ এল ভি ৰকেটে প্ৰয়োজনীয় উচ্চতা লাভ কৰিব নোৱাৰিলে। আমি দেখিলোঁ যে মহাকাশযানখনে নিৰ্দিষ্ট পথৰ পৰা বিচ্যুত হৈছে। ফলত উপগ্ৰহসমূহক কক্ষপথত স্থাপন কৰিব পৰা নগ’ল।”

পি এছ এল ভি হৈছে ইছৰোৰ অন্যতম নিৰ্ভৰযোগ্য মহাকাশযান। বিগত সময়ত ভাৰতীয় সংস্থাটোৱে এই ৰকেটৰ কান্ধতে ভৰ দি বহু সৰু-বৰ অভিযানৰ সফলতা লাভ কৰিছে। ৬৪টা মিছনৰ ভিতৰত পি এছ এল ভি মাত্ৰ চাৰিটা মিছনত বিফল হৈছে।

সোমবাৰৰ এই অভিযানত ইছৰোৰ পি এছ এল ভিয়ে কেইবাটাও ভাৰতীয় উপগ্ৰহকে ধৰি আঠটা বিদেশী পেলোড কঢ়িয়াই লৈ গৈছিল। থাইলেণ্ড আৰু ব্ৰিটেইনৰ যৌথভাৱে নিৰ্মিত পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ, দুৰ্দশাগ্ৰস্ত মাছমৰীয়াৰ নাৱক সহায় কৰিবলৈ বিশেষভাৱে ডিজাইন কৰা ব্ৰাজিলৰ উপগ্ৰহ, স্পেনিছ কোম্পানী এটাই নিৰ্মাণ কৰা পুনৰ প্ৰৱেশৰ কেপচুল আৰু নেপালৰ ছাত্ৰ-ছাত্ৰীয়ে নিৰ্মাণ কৰা উপগ্ৰহও পি এছ এল ভিৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ISRO
Share4Tweet3Send

Related Posts

Unlocking HDR Formats: A Strategic Guide to HDR10 vs. Dolby Vision
Technology

Unlocking HDR Formats: A Strategic Guide to HDR10 vs. Dolby Vision

by ASSAM TIMES POST
January 17, 2026
54
Can Technology Revive Timeless Traditions? The Smart Heritage Tourism Revolution in Northeast India
Technology

Can Technology Revive Timeless Traditions? The Smart Heritage Tourism Revolution in Northeast India

by ASSAM TIMES POST
May 22, 2025
54
ADVERTISEMENT
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
50
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026
50
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

September 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d