
দেশৰ প্ৰায় ৪৪ শতাংশ নগৰ-মহানগৰ সম্প্রতি বায়ু প্ৰদূষণ (Air pollution)ৰ কবলত পৰিছে। চেণ্টাৰ ফৰ ৰিছাৰ্চ অন এনার্জী এণ্ড ক্লীন এয়াৰে (চি আৰ ই এ) প্রকাশ কৰা প্রতিবেদনত এই তথ্য উল্লেখ কৰা হৈছে। ছেটেলাইট আধাৰিত তথ্যৰ ভিত্তিত দেশৰ ৪,০৪১-নগৰ-মহানগৰত পি এম ২.৫ মাত্রা বিশ্লেষণ কৰি চি আৰই এ-ই এই প্রতিবেদন যুগুত কৰিছে। প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি মেঘালয়ৰ বৰ্ণিহাট (Bharnoi Hat of Meghalaya), দিল্লী আৰু গাজিয়াবাদ দেশৰ সৰ্বাধিক প্ৰদূষিত নগৰ-মহানগৰ। এদিন-দুদিনৰ বাবে নহয়, এই নগৰ-মহানগৰকেইখনৰ বায়ু বছৰৰ ৩৬৫ দিনে প্রদূষিত হৈ থাকে। কাৰখানা, যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা আৰু অন্যান্য কাৰক ইয়াৰ বাবে দায়ী। দেশৰ ৪৪ শতাংশ নগৰ-মহানগৰ ‘ক্রনিক এয়াৰ পলিউচন’, অর্থাৎ ধাৰাবাহিক বায়ু প্ৰদূষিত চহৰৰ শ্ৰেণীত পৰে বুলি প্রতিবেদনখনত উল্লেখ কৰা আছে।

তথাপি এই নগৰ-মহানগৰবোৰৰ মাত্র ৪ শতাংশহে কেন্দ্রীয় নির্মল বায়ু কাৰ্যসূচী (এন চি এ পি)ৰ আওতালৈ আহিছে। দেশত বায়ু প্রদূষণ হ্রাস কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত ৰাষ্ট্ৰীয় নির্মল বায়ু কাৰ্যসূচী আৰম্ভ কৰিছিল। কিন্তু ইয়াৰ সাত বছৰ পাছতো মাত্র ১৩০খন নগৰ-মহানগৰহে কাৰ্যসূচীৰ আওতালৈ আহিছে। চি আৰ ই এৰ প্ৰতিবেদনখনত লগতে উল্লেখ কৰা মতে, মেঘালয়ৰ বৰ্ণিহাট দেশৰ আটাইতকৈ (country’s most) প্ৰদূষিত নগৰ (Polluted city)। ইয়াত পি এম ২.৫ৰ গড় মাত্রা ১০০ মাইক্র’গ্রাম। আনহাতে পি এম ২.৫ৰ গড় মাত্রা ৯৬ৰে দিল্লী দেশৰ দ্বিতীয় সর্বাধিক প্ৰদূষিত মহানগৰ। দিল্লীৰ পাছতে আছে গাজিয়াবাদ (৯৩) আৰু নয়ডা।













