ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Batadrava project : বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ

নিউজ ডেস্কঃ

News Desk by News Desk
December 29, 2025
Reading Time: 1 min read
A A
0
Batadrava project : বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ

RELATED POSTS

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

New Logo Very Smal | ASSAM TIMES POST

সোমবাৰে উদ্বোধন কৰা হয় ২০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা অভিলাষী বটদ্ৰৱা প্ৰকল্প (Batadrava Project)। এই বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন (Happy inauguration) কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে (Amit Shah)। আনহাতে, ৫ লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত জনসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে উদাত্ত ভাষণত বিদেশী নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে বিদেশী নাগৰিকক চিনাক্ত কৰি এটা এটাকৈ খেদি পঠিওৱা হ’ব। নিজৰ ভাষণত অমিত শ্বাহে কয় যে আজিৰ দিনটো নৱবৈষ্ণৱ ধৰ্মৰ বাবে এক ডাঙৰ দিন। এসময়ত বিদেশী নাগৰিক থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত আজি বিশাল প্ৰকল্প নিৰ্মাণ হৈছে। আনহাতে, শংকৰদেৱৰ জন্মস্থানত উপস্থিত থাকিব পৰাটো এক সৌভাগ্য বুলি উল্লেখ কৰি অমিত শ্বাহে কয় যে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ তিনিটা ভাগত সম্পূৰ্ণ কৰা হৈছে। নিজে আধাৰশিলা স্থাপন কৰা প্ৰকল্পটো তেওঁ উদ্বোধন কৰাটো এক সৌভাগ্য বুলিও উল্লেখ কৰে। লগতে কয় যে এই স্থান কেৱল এক নামঘৰ নহয়, ই হৈছে জাতিৰ পৰিচয়। আনহাতে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক প্ৰশংসা কৰি তেওঁ কয় যে এই পৱিত্ৰ ভূমিৰ পৰা বিদেশীক খেদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নামঘৰ প্ৰতিষ্ঠা কৰিলে।

amit 3 | ASSAM TIMES POST

আনহাতে, নিজৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “আজি অসমীয়াৰ প্রাণ প্রতিষ্ঠাতা শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ মহাবিশাল ঐতিহ্যক সংৰক্ষণৰ বাটেৰে প্রতিগৰাকী বৈষ্ণৱৰ সামূহিক ইচ্ছাই ইতিহাস ৰচনা কৰিলে।”

তেওঁ লগতে কয়, “মাননীয় কেন্দ্রীয় গৃহমন্ত্রী শ্রীঅমিত শ্বাহ ডাঙৰীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱির্ভাৱ ক্ষেত্ৰ উদ্বোধনৰ জৰিয়তে অসমৰ পৰমপূজ্য শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থানৰ গৌৰৱক বিশ্বজনীন কৰাৰ আমাৰ প্রয়াসে নতুন প্রাণ পালে।”

amit 2 | ASSAM TIMES POST

লগতে কয়, “এই পৱিত্ৰ ভূমিতে নৱবৈষ্ণৱ ধৰ্মৰ নৱপ্রজ্জ্বলিত বন্তিগছিয়ে অসমৰ সামাজিক বিবেকক প্ৰতিষ্ঠা কৰিছিল। কিন্তু আমাৰ দুর্ভাগ্য আছিল যে এই পৱিত্র ভূমিক ‘অচিনাকি’ বেদখলকাৰীয়ে আগ্রাসন কৰি অসমৰ সামাজিক গাঁথনিলৈ প্রত্যাহ্বান কঢ়িয়াইছিল। আমি সংকল্প লৈছিলোঁ— আমাৰ পৰিচয়ক আমি পুনৰুদ্ধাৰ কৰিমেই কৰিম। এনেকৈয়ে কেইবছৰমান পূৰ্বে আৰম্ভ হৈছিল গুৰুজনাৰ আৱির্ভাৱ ক্ষেত্রক পুনৰুদ্ধাৰ কৰি ভব্য প্রকল্পটিৰ নির্মাণ যাত্রা।”

অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী বিমল বড়া, কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, বটদ্ৰৱা থান পৰিচলান সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামী, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

amit | ASSAM TIMES POST

মুখ্যমন্ত্ৰীয়ে আৰু কয়, “গুৰুজনাৰ আশিসেৰে আজি আমি পৰম ধন্য অনুভৱ কৰিছোঁ। এই উদ্বোধনে ইতিহাসৰ সৈতে গভীৰভাৱে সম্পৃক্ত বৈকুণ্ঠসদৃশ বটদ্রৱাখনিক বৰ্তমান আৰু ভৱিষ্যত প্রজন্মক অনুপ্ৰাণিত কৰি এক প্রাণৱন্ত আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ এক দীৰ্ঘদিনীয়া সপোনৰ প্রাপ্তিক চিহ্নিত কৰিছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: amitshahBatadravaProject
Share4Tweet3Send

Related Posts

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
50
Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক
Assam

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

by News Desk
October 26, 2026
51
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

by News Desk
October 24, 2026
52
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

by News Desk
October 24, 2026
53
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

by News Desk
October 24, 2026
51
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

by News Desk
October 24, 2026
53
ADVERTISEMENT
Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী
Guwahati

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
50
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
50
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026
50
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

October 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d