ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India I মাতৃৰ পৰিচয়ৰ ভিত্তিত কন্যাই পাব জাতিগত প্ৰমাণ-পত্ৰ পাব, উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 23, 2025
Reading Time: 1 min read
A A
0
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”

RELATED POSTS

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

New Logo Smal 1 | ASSAM TIMES POST

পিতৃ উচ্চ জাতিৰ, কিন্তু মাতৃ অনুসূচিত জাতিৰ। যাৰবাবে দীৰ্ঘদিন ধৰি কন্যাই জাতিগত প্ৰমাণ-পত্ৰ লাভ কৰা নাই। কিন্তু এইবাৰ দেশৰ শীর্ষ আদালতে (Supreme Court) কয় যে মাতৃৰ পৰিচয়ৰ ভিত্তিত শিশুসকলেও অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ লাভ কৰিব পাৰে। শেহতীয়াকৈ দেশৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ এটা গোচৰত এই ৰায় দিয়ে।

Supreme Court of India I
মাতৃৰ পৰিচয়ৰ ভিত্তিত কন্যাই পাব জাতিগত প্ৰমাণ-পত্ৰ পাব:

অৱশ্যে মূল গোচৰৰ আইনী জটিলতা এতিয়াও সমাধান হোৱা নাই যদিও আইনী বিশেষজ্ঞসকলে এই ৰায়দানক দৃষ্টান্তমূলক বুলি গণ্য কৰে।
৮ ডিচেম্বৰত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ বিচাৰপীঠে এই ৰায়দান দিয়ে।

দুয়োগৰাকী ন্যায়াধীশে ৰায় দিয়ে যে পিতৃ অনুসূচিত জাতিৰ নহ’লেও মাতৃৰ পৰিচয়েৰে শিশুটিক জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান কৰিবলৈ যথেষ্ট। এই গোচৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশত কোনো হস্তক্ষেপ কৰা নাই উচ্চতম ন্যায়ালয়ে। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে কয়, “সময় সলনি হৈ আছে। তেনেহ’লে মাতৃৰ পৰিচয়ৰ ওপৰত ভিত্তি কৰি জাতিগত প্ৰমাণ-পত্ৰ কিয় দিব নোৱাৰি?”

কেৱল সেয়াই নহয়, জাতিগত প্ৰমাণ-পত্ৰক লৈ জটিলতাৰ বাবে কন্যাৰ শিক্ষাত বাধা আহিব নালাগে বুলিও উচ্চতম ন্যায়ালয়ে গুৰুত্ব আৰোপ কৰে।
এই গোচৰটো পুডুচেৰীৰ এগৰাকী মহিলা আৰু তেওঁৰ কন্যাৰ। মহিলাগৰাকীৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।

কিন্তু যিহেতু মহিলাগৰাকীৰ স্বামী উচ্চ জাতিৰ, সেয়েহে ল’ৰা-ছোৱালীকেইটা অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ লাভ কৰা নাই। মহিলাগৰাকীয়ে নিজৰ কন্যাৰ জাতিগত প্ৰমাণ-পত্ৰ ল’বলৈ তহচিলদাৰত আবেদন জনাইছিল। তেওঁৰ যুক্তি আছিল যে তেওঁৰ স্বামীয়ে বিয়াৰ পৰাই পিতৃৰ ঘৰত বাস কৰি আহিছে। তদুপৰি মহিলাগৰাকীৰ পৰিয়ালটো ‘আদি দ্ৰাবিড়’ সম্প্ৰদায়ৰ।

সেয়ে তেওঁৰ সন্তানে জাতিগত প্ৰমাণ-পত্ৰ পাব লাগে। এই গোচৰটো প্ৰথমে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল। উচ্চ ন্যায়ালয়ে ছোৱালীজনীক পঢ়া-শুনাৰ কথা বিবেচনা কৰি জাতিগত প্ৰমাণ-পত্ৰ দিবলৈ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল।

এইবাৰ দুজন ন্যায়াধীশৰ বিচাৰপীঠে মহিলাগৰাকীৰ পৰিচয়ৰ ভিত্তিত কন্যাক জাতিগত প্ৰমাণ-পত্ৰ দিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলক জাতিগত প্ৰমাণ-পত্ৰ প্ৰদানৰ কিছু নিয়ম আছে। এতিয়ালৈকে পিতৃৰ জাতিগত পৰিচয় শিশুৰ ক্ষেত্ৰতো প্ৰযোজ্য আছিল।

১৯৬৪ চনৰ ৫ মাৰ্চ আৰু ২০০২ চনৰ ১৭ ফেব্ৰুৱাৰীৰ ৰাষ্ট্ৰপতিৰ অধিসূচনাত কোৱা হৈছিল যে পিতৃৰ জাতিৰ ওপৰত ভিত্তি কৰি শিশুৱে প্ৰমাণ-পত্ৰ লাভ কৰিব। কিছুমান ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চল আৰু আবেদনকাৰীয়ে বাস কৰা পৰিস্থিতিৰ কথাও বিবেচনা কৰা হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উচ্চতম ন্যায়ালয়জাতিগত প্ৰমাণ-পত্ৰ পাবমাতৃৰ পৰিচয়ৰ ভিত্তিত কন্যাই পাব
Share5Tweet3Send

Related Posts

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত
National-International

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

by News Desk
October 21, 2026
52
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

by News Desk
October 21, 2026
51
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

by News Desk
October 21, 2026
51
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

by News Desk
October 21, 2026
51
Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ
National-International

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ

by News Desk
October 20, 2026
52
Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি
National-International

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

by News Desk
October 20, 2026
51
ADVERTISEMENT
United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত
National-International

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
52
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
51
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
51
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d