![]()
বাংলাদেশৰ অস্থিৰতা (Instability of Bangladesh)ই নতুন দিল্লী আৰু ঢাকাৰ সম্পৰ্কতো প্ৰভাৱ পেলাইছে। দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছক জগৰীয়া কৰে শ্বেখ হাচিনা (Sheikh Hasina)ই। বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ কাৰণো ব্যাখ্যা কৰে আৱামী লীগৰ নেত্ৰীগৰাকীয়ে। হাচিনাই অভিযোগ কৰে যে অন্তৱৰ্তীকালীন চৰকাৰখন আচলতে শক্তিহীন। সেয়ে এতিয়া বাংলাদেশত হিংসা স্বাভাৱিক ঘটনা।
ইমেইলযোগে সংবাদ সংস্থা এ এন আইক এক সাক্ষাৎকাৰ দিয়ে হাচিনাই। ভাৰত-বাংলাদেশৰ সম্পর্কৰ শেহতীয়া নেতিবাচক সম্পৰ্ক সন্দর্ভত সোধাত হাচিনাই কয়, “যিটো সম্পৰ্কৰ অৱনতি ঘটিছে, সেয়া সম্পূৰ্ণৰূপে ইউনুছৰ কাম। তেওঁৰ (ইউনুছ) চৰকাৰে ভাৰতৰ বিৰুদ্ধে বক্তব্য দিছে, সংখ্যালঘুসকলক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে আৰু সন্ত্ৰাসবাদীসকলক বৈদেশিক নীতি নিৰ্ধাৰণৰ সুযোগ দিছে।”

অৱশ্যে ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ সুস্থিৰতাৰ বাবে তেওঁ আশা প্ৰকাশ কৰে। হাচিনাই কয়, “ভাৰত হৈছে বাংলাদেশৰ বিশ্বাসযোগ্য বন্ধু আৰু দশক দশক ধৰি অংশীদাৰ।” তেওঁ লগতে কয়, “মই আশাবাদী যে এখন বৈধ চৰকাৰ স্থাপনৰ পিছত বাংলাদেশে পুনৰ বাস্তৱবাদী বুজাবুজিৰ পথলৈ (ভাৰতৰ সৈতে) ঘূৰি আহিব, যিটো আমি বিগত ১৫ বছৰ ধৰি বজাই ৰাখিছোঁ।”
বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক পৰিস্থিতিৰ কাৰণ ব্যাখ্যা কৰি এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হাচিনাই কয়, “এই অশান্তিৰ সৃষ্টি কৰিছে ইউনুছ যুগৰ সমৰ্থিত উগ্ৰপন্থীসকলে। তেওঁলোকে ভাৰতীয় দূতাবাসৰ সন্মুখত সমদল উলিয়াই, আমাৰ বাতৰিকাকতৰ কাৰ্যালয়ত আক্ৰমণ চলাই, সংখ্যালঘু লোকক হত্যা কৰি, মোক আৰু মোৰ পৰিয়ালৰ লোকক নিজৰ জীৱন ৰক্ষাৰ বাবে দেশ এৰি যাবলৈ বাধ্য কৰাইছে।” ইউনুছে দোষী সাব্যস্ত হোৱা অপৰাধীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ লগতে তেওঁলোকৰ হাতত ক্ষমতা অৰ্পণ কৰা বুলিও হাচিনাই অভিযোগ উত্থাপন কৰে।










