ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bangladeshi killed : বাংলাদেশী সন্দেহত প্ৰব্ৰজিত শ্ৰমিকক প্ৰহাৰ কৰি হত্যা

নিউজ ডেস্কঃ

News Desk by News Desk
December 22, 2025
Reading Time: 1 min read
A A
0
Bangladeshi killed : বাংলাদেশী সন্দেহত প্ৰব্ৰজিত শ্ৰমিকক প্ৰহাৰ কৰি হত্যা

RELATED POSTS

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Very Smal | ASSAM TIMES POST

বাওঁপন্থীশাসিত কেৰালাত বাংলাদেশী (Bangladeshi in Kerala) বুলি সন্দেহ কৰি এজন প্ৰব্ৰজিত শ্ৰমিকক (Migrant worker) প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ (Allegation of murder)। যোৱা সপ্তাহত কেৰালাৰ পালাক্কাড়ত সংঘটিত হয় এই ঘটনা। ইতিমধ্যে পিনাৰায় বিজয়ন চৰকাৰে মৃত শ্ৰমিকজনৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। লগতে দোষীক আইনী শাস্তি প্ৰদানৰ আশ্বাস দিয়া হৈছে।

মৃত প্ৰব্ৰজিত শ্ৰমিকজনৰ নাম ৰামনাৰায়ণ বাঘেল (৩১)। ছত্তীশগড় শক্তি জিলাৰ বাসিন্দা ৰামনাৰায়ণৰ আঠ আৰু দহ বছৰীয়া দুজন পুত্ৰ আছে। ঘটনাটোৰ মাত্ৰ চাৰিদিন পূৰ্বে তেওঁ কামৰ সন্ধানত পলাক্কাড়লৈ গৈছিল। ১৭ ডিচেম্বৰত আত্মীয়ৰ সৈতে ৰাস্তালৈ ওলাই গৈছিল। তাৰ পিছত ৱালয়া আৰক্ষী থানাৰ অন্তৰ্গত আট্টাপল্লামৰ ওচৰত তেওঁ বাট হেৰুৱায়। ৰামনাৰায়ণৰ আচৰণ দেখি গাঁৱৰ মানুহে তেওঁক ঘেৰি ধৰে আৰু তেওঁক ‘চোৰ’ বুলি সন্দেহ কৰি সোধা-পোছা কৰিবলৈ ধৰে। কি নাম, ক’ৰ পৰা আহিছে, মাতৃভাষা কি এইবোৰ প্ৰশ্ন তেওঁক সুধিবলৈ ধৰে। ইফালে উপস্থিত থকা ৰাইজৰ এটা অংশই শ্ৰমিকজনক ‘বাংলাদেশী’ আখ্যা দি মাৰপিট কৰিবলৈ ধৰে। এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈছে।

kerala | ASSAM TIMES POST

৩১ ছেকেণ্ডৰ এই ভিডিঅ’টোত ৰামনাৰায়ণক মাটিত বহি থকা দেখা গৈছে। তেওঁক ঘেৰি ধৰিছে গাঁৱৰ মানুহে। সকলোৱে শ্ৰমিকজনক এটাৰ পিছত এটাকৈ প্ৰশ্ন কৰি আছে। ভিডিঅ’টোত বাকীসকলে বাৰে বাৰে ৰামনাৰায়ণক ‘বাংলাদেশী’ বুলি কোৱা শুনা গৈছে। গণ আক্ৰমণত ব্যক্তিজন প্ৰায় অচেতন হৈ পৰাৰ পিছতো কোনোৱেই থমকি ৰোৱা নাই। গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক উদ্ধাৰ কৰি পলাক্কাড় জিলা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে একাধিক আঘাত আৰু ৰক্তক্ষয়ৰ বাবে নিশা তেওঁৰ মৃত্যু হয়। ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে এটা বিশেষ দল গঠন কৰিছে। এই পৰ্যন্ত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাকীসকলৰো সন্ধান অব্যাহত আছে। মৃত শ্ৰমিকজন দলিত বুলি বিভিন্ন পক্ষৰ পৰা দাবী উত্থাপন হৈছে। তদন্তও অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইফালে কেৰালাৰ বাওঁপন্থী চৰকাৰে এই ঘটনাক তীব্ৰ গৰিহণা দিছে। দেশত ‘ঘৃণাৰ ৰাজনীতি প্ৰচাৰ কৰা’ বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিক আক্ৰমণ কৰে। পালাক্কাড়ৰ চি পি এম নেতা তথা ৰাজ্যিক মন্ত্ৰী এম বি ৰাজেশে কয়, “সংঘ পৰিয়ালৰ ঘৃণা আৰু জাতিগত বিদ্বেষৰ ৰাজনীতিৰ বলি হৈছে প্ৰব্ৰজিত শ্ৰমিকজন। বাংলাদেশী বুলি সন্দেহত ৰাইজে তেওঁক আক্ৰমণ কৰে। আক্ৰমণকাৰীৰ ভিতৰত কেইবাজনো আৰ এছ এছ কৰ্মীও আছিল। ইয়াৰে বহুতৰে বিৰুদ্ধে বিভিন্ন অপৰাধমূলক গোচৰ আছে।” ৰামনাৰায়ণৰ মৃতদেহ বিমানযোগে ছত্তীশগড়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে। তদুপৰি ৰাজ্য চৰকাৰে মৃত শ্ৰমিকজনৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Kerala
Share6Tweet4Send

Related Posts

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
52
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
51
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
51
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
53
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d