
পাহাৰীয়া পথত এটা কেঁকুৰি ঘূৰিবলৈ লোৱাৰ সময়তে এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰি যায়। শুকুৰবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ আলুৰি জিলাৰ তুলসীপাকলু গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা (Tragic Bus Accident) ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনাত থিতাতে মৃত্যু হয় ৯ জন যাত্ৰীৰ। আন বহু লোক আহত হয়। ইয়াৰে কিছুমানৰ অৱস্থা সংকটজনক। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ইফালে অন্ধ্ৰপ্ৰদেশত সংঘটিত বাছ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মৃতকৰ পৰিয়ালক দুই লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে। আহতসকলৰ বাবে ঘোষণা কৰা হৈছে ৫০ হাজাৰ টকা।
তদুপৰি, মোদীয়ে ৰাজ্য প্ৰশাসনক কয় যে আহতসকলৰ চিকিৎসাত যাতে কোনো সমস্যা নহয় আৰু তেওঁলোকক শীঘ্ৰে চিকিৎসা কৰা হয়। মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱেও শোক প্ৰকাশ কৰিছে। তেওঁ স্থানীয় প্ৰশাসনৰ সৈতে কথা পাতি আহতসকলৰ লগতে মৃতকৰ পৰিয়ালক সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনিক বিষয়াসকলক নিৰ্দেশ দিছে।
জানিব পৰা মতে, বাছখন অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰৰ পৰা তেলেংগানাৰ ভদ্ৰাচলমৰ শ্ৰীৰাম মন্দিৰলৈ গৈ আছিল। বাছখনত ৩৫ জন যাত্ৰী আছিল। প্ৰাৰম্ভিক ধাৰণা মতে, পুৱা কুঁৱলীৰ বাবে দৃশ্যমানতা কম হোৱাৰ বাবে চালকে পথটো ধৰিব পৰা নাছিল। যাৰবাবে সংঘটিত হয় এই দুৰ্ঘটনা।












