
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত নৈশ আহাৰ গ্ৰহণ কৰি ৰাছিয়ালৈ উভতি যোৱা বিমানত উঠে। তেওঁৰ বাবে আড়ম্বৰপূৰ্ণ নিৰামিষ খাদ্যৰ ব্যৱস্থা কৰা হয়।

ঝোল ম’ম’ৰ পৰা আৰম্ভ কৰি পনীৰ ৰোললৈকে বিভিন্ন ধৰণৰ কাবাব পৰিবেশন কৰা হয়। নিশাৰ আহাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে কেন্দ্ৰীয় শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। পুটিনৰ বাবে নিৰ্ধাৰণ কৰা মেনুত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সাংস্কৃতিক স্পৰ্শ আছে। তালিকাত প্ৰথম স্থানত আছিল দক্ষিণৰ চূপ মুৰুংগেলাই চাৰু।
ইয়াৰ পিছতে কাশ্মীৰী ব্যঞ্জন গুচি দুন চেটিন, কালে চানে কে শিকামপুৰী (এবিধ নিৰামিষ কাবাব) আৰু নিৰামিষ ঝোল ম’ম’ ঝাল চাটনিৰ সৈতে। নিশাৰ আহাৰ গ্ৰহণৰ মূল খাদ্য আছিল কেশৰ পনীৰ ৰোল, পালেং মেথি মটৰ চালাড, তন্দূৰ ভৰৱান আলু, আচাৰি ব্রিঞ্জল, হলুদ দালি তৰকা আৰু বাছমতী চাউলৰ সৈতে তৈয়াৰী কেশৰ পোলাও।
ভাৰতীয় ৰুটিৰ খাদ্যৰ ভিতৰত আছিল লচ্চা পৰঠা, মগজা নান, সতনাজ ৰোটি, মিছি ৰোটি আৰু বিস্কুট ৰোটি। শেষত পুটিনে আলমণ্ড হালৱা, কেশৰ পিষ্টা কুলফি আৰু সতেজ ফলৰ সৈতে মিঠাই খায়। গুড়ৰ সন্দেশ, মুৰুক্কু আৰু বিভিন্ন ধৰণৰ আচাৰ আৰু চালাডো আছিল।
ইয়াৰ বাহিৰেও কমলা, বিলাহী আৰু আদাৰ মিশ্ৰণেৰে তৈয়াৰী বিশেষ পানীয় ৰাছিয়াৰ ৰাষ্ট্ৰপতিক দিয়া হৈছিল বুলি বাতৰিত প্ৰকাশ পাইছে। সংবাদ মাধ্যম পি টি আয়ে প্ৰকাশ কৰিছে নৈশ আহাৰৰ মেনু। ৰাষ্ট্ৰপতি ভৱনত পুটিনৰ সন্মানত এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।
ভাৰতীয় সংগীতৰ লগতে আছিল ৰাছিয়ান সুৰ। দুদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছিল পুটিন। প্ৰট’কল ভংগ কৰি বৃহস্পতিবাৰে নিশা মোদীয়ে নিজেই বিমানবন্দৰলৈ গৈ তেওঁক আদৰণি জনাই বন্ধুক সাৱটি ধৰিলে। শুকুৰবাৰে নিশা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কোলৈ উভতি যোৱা বিমানত দিল্লীৰ পৰা পুটিনক বিদায় দিয়ে।













