
অসমৰ ক্ৰীড়া ইতিহাসত ৫ ডিচেম্বৰ, ২০২৫, শুকুৰবাৰৰ দিনটো এক উল্লেখনীয় দিন হিচাপে লিপিবদ্ধ হৈ থাকিব। কিয়নো এই দিনটোতে অসমৰ ক্ৰীড়া ক্ষেত্ৰত সংযোজন ঘটিছে এক নতুন অধ্যায়ৰ। ভৈয়ামত নহয়, এইবাৰ ৰাজ্যবাসীয়ে পাহাৰৰ সুউচ্চতাত লাভ কৰিলে এখন ক্ৰিকেট ষ্টেডিয়াম।

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে পাহাৰীয়া জিলা ডিমা হাছাও। ডিমা হাছাওৰ উমৰাংছ’ত এখন নতুন ক্ৰিকেট ষ্টেডিয়াম। অসম ক্ৰিকেট সন্থাৰ এই অত্যাধুনিক ষ্টেডিয়ামখন শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে।
প্ৰকৃতিৰ ৰম্যভূমি উমৰাংছ’ৰ গ’ল্ফ খেলপথাৰৰ কাষত অসম ক্ৰিকেট সন্থাই ৩০ বিঘা মাটিত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আদি দেশৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ষ্টেডিয়ামখনত ১৫ হাজাৰ দৰ্শকে ক্ৰিকেট উপভোগ কৰাৰ সুবিধা থকাৰ বিপৰীতে ৫ খন অনুশীলন পিটচ আছে।
ইয়াৰ উপৰি যিকোনো আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামৰ সমপৰ্যায়ৰ সকলো অত্যাধুনিক সুবিধা ইয়াত উপলব্ধ। আনহাতে, ইয়াৰ পেভিলিয়নখন উছৰ্গা কৰা হৈছে চেঙিয়া তুলাৰাম সেনাপতিৰ নামত।
এই ষ্টেডিয়ামখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়া, ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম ক্ৰিকেট সংস্থাৰ সভাপতি তৰংগ গগৈ, সচিব সনাতন দাস আদি।













