ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sanchar Saathi App controversy I মোবাইলত চৰকাৰী চোৰাংচোৱা এপৰ দাবী বিৰোধীৰ, কেন্দ্ৰই দিলে স্পষ্টীকৰণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 2, 2025
Reading Time: 1 min read
A A
0
Sanchar Saathi App controversy I মোবাইলত চৰকাৰী চোৰাংচোৱা এপৰ দাবী বিৰোধীৰ, কেন্দ্ৰই দিলে স্পষ্টীকৰণ

Oplus_131072

RELATED POSTS

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

New Logo Smal | ASSAM TIMES POST

অৱশেষত ‘সঞ্চাৰ সাথী’ (Sanchar Sathi) বিতৰ্কক লৈ মৌনতা ভাঙিলে কেন্দ্ৰই। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এই চৰকাৰী এপটো মোবাইলত থকাটো বাধ্যতামূলক নহয়।

Sanchar Saathi App controversy I
মোবাইলত চৰকাৰী চোৰাংচোৱা এপৰ দাবী বিৰোধীৰ, কেন্দ্ৰই দিলে স্পষ্টীকৰণ:

ইয়াৰ উপৰি ব্যৱহাৰকাৰীয়ে ইচ্ছা কৰিলে মোবাইলৰ পৰা এপটো ডিলিট কৰিব পাৰে। মঙলবাৰে পুৱা সংসদ চৌহদত নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ এজন সদস্যই এই কথা প্ৰকাশ কৰে। আনহাতে, মঙলবাৰে পুৱাৰে পৰা বিৰোধী দলসমূহে এই চৰকাৰী এপটোক লৈ কেন্দ্ৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰে। এই পৰিস্থিতিত কেন্দ্ৰৰ এই ব্যাখ্যা যথেষ্ট তাৎপৰ্যপূৰ্ণ।

চাইবাৰ সুৰক্ষা বৃদ্ধিৰ আঁৰত কেন্দ্ৰই সাধাৰণ জনতাৰ গোপনীয়তাত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে নেকি? কেন্দ্ৰীয় চৰকাৰৰ নতুন গাইডলাইনক কেন্দ্ৰ কৰি বিৰোধীয়ে এই প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ দৰে দলসমূহে অতীতৰ পেগাছাছ বিতৰ্কৰ কথা সোঁৱৰাই দিবলৈ আৰম্ভ কৰিছে। সঞ্চাৰ সাথীক লৈ বিতৰ্ক আৰম্ভ হৈছিল কেন্দ্ৰৰ শেহতীয়া গাইডলাইনক কেন্দ্ৰ কৰি। শেহতীয়াকৈ কেন্দ্ৰই বিভিন্ন মোবাইল নিৰ্মাতালৈ গাইডলাইন প্ৰেৰণ কৰি কৈছে যে নতুন মোবাইল বজাৰলৈ অহাৰ আগতে ‘সঞ্চাৰ সাথী’ এপটো তাত ইনষ্টল থাকিব লাগিব।

বিগত সময়ত দেশৰ ৰাজনীতিত পেগাছাছ ছফ্টৱেৰক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল। তেতিয়াও কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলে পেগাছাছৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এইবাৰ মোবাইলত ‘সঞ্চাৰ সাথী’ এপ ইনষ্টল কৰাৰ নিৰ্দেশক কেন্দ্ৰ কৰি বিৰোধীয়ে পুনৰ পেগাছাছৰ ভূত দেখিবলৈ আৰম্ভ কৰিছে।

কংগ্ৰেছৰ সাংসদ কাৰ্তি চিদাম্বৰমে ছ’চিয়েল মিডিয়াত লিখিছে, “বিগ ব্ৰাদাৰে আমাৰ বহু ফোন আৰু ব্যক্তিগত জীৱনত দখল দিব। এইটো পেগাছাছ প্লাছ প্লাছ।”
আনহাতে, কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালেও কেন্দ্ৰৰ নতুন গাইডলাইনক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, গোপনীয়তাৰ অধিকাৰ জীৱন আৰু স্বাধীনতাৰ মৌলিক অধিকাৰৰ এক অন্তৰ্নিহিত অংশ। তেওঁ কয়, “বিগ ব্ৰাদাৰে আমাক নিৰীক্ষণ কৰিব নোৱাৰে । টেলিকমিউনিকেচন বিভাগৰ এই গাইডলাইন অসাংবিধানিক । গোপনীয়তাৰ অধিকাৰ সংবিধানৰ ২১ নং অনুচ্ছেদত অন্তৰ্ভুক্ত জীৱন আৰু স্বাধীনতাৰ মৌলিক অধিকাৰৰ এক অন্তৰ্নিহিত অংশ।”

কংগ্ৰেছ নেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত দাবী কৰে, “আন-ইনষ্টল কৰিব নোৱৰা প্ৰি-লোড কৰা চৰকাৰী এপটো প্ৰতিজন ভাৰতীয়ৰ ওপৰত চকু ৰাখিবলৈ এক বিপজ্জনক আহিলা।” লগতে কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদকগৰাকীয়ে কেন্দ্ৰৰ এই গাইডলাইন শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

ইফালে মঙলবাৰে পুৱাও সংসদত মোবাইল ফোনত চৰকাৰী এপক লৈ বিতৰ্কৰ সৃষ্টি হয়। কংগ্ৰেছে সংসদত এই বিষয়ত আলোচনা বিচাৰে। কংগ্ৰেছৰ সাংসদ ৰেণুকা চৌধুৰীয়ে মঙলবাৰে ৰাজ্যসভাত সভা স্থগিত প্ৰস্তাৱ দাখিল কৰি মোবাইল ফোনত ‘সঞ্চাৰ সাথী’ এপৰ বিষয়টোক লৈ আলোচনাৰ বাবে আবেদন কৰে।

মঙলবাৰে সংসদ চৌহদত এই বিতৰ্ক সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও মন্তব্য কৰি কয়, “এয়া এটা স্নুপিং (চোৰাংচোৱা) এপ। নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ আছে। প্ৰত্যেকৰে গোপনীয়তাৰ অধিকাৰ থাকিব লাগে, যাতে চৰকাৰে দেখা নাপায় যে তেওঁলোকে পৰিয়াল বা বন্ধু-বান্ধৱীলৈ কি বাৰ্তা প্ৰেৰণ কৰিছে।” প্ৰিয়ংকাই লগতে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে।

এই বিতৰ্কৰ মাজতে মন্ত্ৰী সিন্ধিয়াই কেন্দ্ৰৰ সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয়, “বহুতে মোবাইল ফোনৰ অপব্যৱহাৰ কৰি সাধাৰণ মানুহক প্ৰতাৰণা কৰি আছে। তেওঁলোকে কাৰোবাৰ ধন চুৰি কৰি আছে। সেয়েহে সঞ্চাৰ সাথী এপটোৰ নিয়ম বনোৱা হৈছে। ইয়াৰ আঁৰত কোনো ধৰণৰ স্নুপিং বা কল মনিটৰিং নাই। ইচ্ছা কৰিলে সক্ৰিয় কৰক। ইচ্ছা কৰিলে সক্ৰিয় নকৰিব। ৰাখিব বিচাৰিলে ৰাখক, ডিলিট কৰিব বিচাৰিলে ডিলিট কৰক।”

তেওঁ লগতে কয়, “যদি আপুনি সঞ্চাৰ সাথী ব্যৱহাৰ কৰিব নিবিচাৰে, তেন্তে ইয়াক ডিলিট কৰক। এইটো ঐচ্ছিক কথা। এইটো গ্ৰাহক সুৰক্ষাৰ বিষয়। যদি আপুনি ইয়াক ডিলিট কৰিব বিচাৰে তেন্তে ইয়াক ডিলিট কৰা উচিত। ই বাধ্যতামূলক নহয়। উদাহৰণস্বৰূপে, যদি আপুনি এপটো ব্যৱহাৰ কৰিব নিবিচাৰে তেন্তে পঞ্জীয়ন নকৰিব।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, “চাইবাৰ জালিয়াতিৰ পৰা ৰক্ষা পাবলৈ এনে এপ আছে বুলি সকলো দেশবাসীয়ে নাজানে। এই বিষয়ে তেওঁলোকক অৱগত কৰাটো আমাৰ দায়িত্ব।”

উল্লেখ্য যে মঙলবাৰে সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱেও কয়, “প্ৰতিটো ক্ষেত্ৰতে বিৰোধীয়ে কিবা নহয় কিবা সমস্যা বিচাৰি উলিয়াবলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই। সকলোকে বিশৃংখলতা সৃষ্টিৰ আহিলা হিচাপে ব্যৱহাৰ নকৰিব।” বিজেপিৰ সাংসদ শশাংকমণি ত্ৰিপাঠীয়েও বিৰোধীক প্ৰত্যুত্তৰ দিয়ে। শশাংকৰ মতে, এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ।

তেওঁ কয়, “মই আই আই টিত পঢ়িছিলো। মই বুজি পাওঁ যে কেনেধৰণৰ চাইবাৰ আক্ৰমণ সংঘটিত হৈছে। এই এপটোৱে মানুহৰ নিৰাপত্তা বৃদ্ধি কৰিব। আমাৰ ডাটা ক’লৈকো নাযায়। নাগৰিক সুৰক্ষাৰ প্ৰতিটো দিশ নিশ্চিত হ’ব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এপৰ দাবী বিৰোধীৰকেন্দ্ৰই দিলে স্পষ্টীকৰণমোবাইলত চৰকাৰী চোৰাংচোৱা
Share4Tweet3Send

Related Posts

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
57
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
51
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d