
মণিপুৰত (Manipur Violence) উদ্ধাৰ হৈছে ৪০ কেজি বিস্ফোৰকসহ বহুসংখ্যক আগ্নেয়াস্ত্ৰ। মঙলবাৰে মাজনিশা মণিপুৰৰ ম্যানমাৰৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাত অভিযান চলাই উদ্ধাৰ কৰা হয় এই অস্ত্ৰ-শস্ত্ৰ তথা বিস্ফোৰকসমূহ। আনহাতে, কাংপোকপি জিলাতো এই অভিযান চলোৱা হয়।

মণিপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা এক বিবৃতিযোগে এই কথা সদৰী কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, চুৰাচান্দপুৰৰ গেলমল গাঁৱৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে প্ৰায় ৪০ কেজি বিস্ফোৰকসহ এটা দীৰ্ঘ দূৰত্বৰ ৰকেট, বহু বেটাৰী আৰু বিস্ফোৰক মিহলোৱাৰ বাবে পাঁচটা বালিৰ মোনা।
মণিপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা ছ’চিয়েল মিডিয়াত জব্দ কৰা সকলো অস্ত্ৰ-শস্ত্ৰৰ ছবি প্ৰকাশ কৰে। কেৱল চুৰাচান্দপুৰৰ পৰাই নহয়, কাংপোকপি জিলাৰ গেলবাঙৰ বনাঞ্চলৰ পৰাও বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ আৰু গুলী উদ্ধাৰ হোৱা বুলিও খবৰ পোৱা গৈছে।
কাংপোকপিৰ পৰা জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে এটা চি এম জি কাৰ্বাইন আৰু মেগজিন, এটা ০.৩০৩ ৰাইফল, দুটা পিষ্টল, ৯টা দেশত নিৰ্মিত বল্ট একচন ছিংগল বেৰেল ৰাইফল, ৪৬ ৰাউণ্ড বিভিন্ন কেলিবাৰৰ সতেজ গুলী, ৮০টা খালী কেচ, এটা দেশত নিৰ্মিত গ্ৰেনেড, ছেফটি ফিউজ আৰু ডিটনেটৰ। মঙলবাৰে আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে কাংপোকোপি জিলাৰ কাংচুপ থানাৰ অন্তৰ্গত ছংলুং গাঁৱৰ পৰাও বহু অস্ত্ৰ উদ্ধাৰ কৰে।
উল্লেখ্য যে ২০২৩ চনত মণিপুৰৰ এক বৃহৎ অঞ্চল কুকি-মেইটেইৰ মাজত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হৈছিল। ৰাজ্যজুৰি সংঘৰ্ষৰ মাজতে চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীত মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰে। উত্তৰ-পূবৰ ৰাজ্যখনত যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য হৈ আছে। ৰাজ্যিক বিজেপিৰ আপত্তি সত্ত্বেও আগষ্ট মাহত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা আৰু ছমাহৰ বাবে কেন্দ্ৰই বৃদ্ধি কৰে। কিন্তু তাৰ পিছতো মণিপুৰত অশান্তি অব্যাহত আছে।












