
খাদ্য নাই, পানীও নাই, একেখন চকীতে একেৰাহে ১৮ ঘণ্টা বহি থাকিবলগা হয়। মাজে মাজে তেওঁক শৌচাগাৰলৈ যাবলৈ দিয়া হৈছিল। তেওঁক তেনেকৈয়ে দীঘলীয়া সময় হাৰাশাস্তি কৰা হৈছিল।

চীনৰ ছাংহাই বিমানবন্দৰত কাৰ্যত ‘কাৰাবন্দী’ হোৱাৰ অভিজ্ঞতা ব্যক্ত কৰে অৰুণাচল প্ৰদেশৰ মহিলাগৰাকীয়ে।
পেমা ৱাংজাম থংডক নামৰ মহিলাগৰাকীৰ এই অভিযোগ মঙলবাৰে পোহৰলৈ আহে। অভিযোগ অনুসৰি, বৈধ পাছপ’ৰ্ট থকাৰ পিছতো চীনৰ বিমানবন্দৰত কেৱল অৰুণাচল প্ৰদেশত জন্ম হোৱাৰ বাবেই তেওঁক হাৰাশাস্তি কৰা হৈছিল।
ইণ্ডিয়া টুডে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত পেমাই কয় যে ছাংহাই বিমানবন্দৰত ট্ৰেনজিটৰ সময়ত চীনৰ ইমিগ্ৰেচন বিষয়াই তেওঁক আবদ্ধ কৰি ৰাখিছিল। তেওঁক কোৱা হয় যে তেওঁৰ পাছপ’ৰ্ট অবৈধ। কেৱল সেয়াই নহয়, তেওঁক কোৱা হৈছিল যে ‘অৰুণাচল প্ৰদেশ চীনৰ অংশ’।
পেমাই কয়, “ইমিগ্ৰেচন বিষয়াসকলৰ ওচৰত মোৰ পাছপ’ৰ্ট জমা দিয়াৰ পিছত মোক লাইনৰ পৰা উলিয়াই আনি কাষলৈ লৈ যোৱা হৈছিল। তাৰ পিছত মোক বহু সময় বহিবলৈ দিয়া হৈছিল। তাত খাদ্যৰ কোনো সুবিধা নাছিল। মোক সৰু চকী এখনত বহিবলৈ দিয়া হৈছিল। মাজে মাজে মোক শৌচাগাৰলৈ যাবলৈ দিয়া হৈছিল।” মহিলাগৰাকীয়ে দাবী কৰে যে এজন বিষয়াই তেওঁক সুধিছিল যে তেওঁ চীনৰ পাছপ’ৰ্টৰ বাবে কিয় আবেদন কৰা নাছিল।
পেমাই কয়, “মই আগতে এবাৰ ছাংহাইৰ মাজেৰে যাত্ৰা কৰিছো। তেতিয়া মই কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। মই চীনা ভাষা নাজানো। চীনত মোৰ মাটি নাই, ভোট দিয়াৰ অধিকাৰ নাই। মই তাৰে কেনেকৈ নাগৰিক হ’লোঁ? মই এজন গৌৰৱান্বিত ভাৰতীয় নাগৰিক আৰু ভৱিষ্যতেও তেনেকৈয়ে থাকিম। মই কেতিয়াও শুনা নাই যে অৰুণাচল প্ৰদেশ চীনৰ অংশ।”
ছ’চিয়েল মিডিয়াত তেওঁৰ বিষয়ে কটু পোষ্টৰ উত্তৰত পেমাই কয়, “মই অতি গুৰুত্বপূৰ্ণ পদত পূৰ্ণকালীন কৰ্মচাৰী হিচাপে কাম কৰো। এই কটু পোষ্টবোৰৰ প্ৰতি সঁহাৰি জনাবলৈ মোৰ সময় নাই। কিন্তু মোক সমৰ্থন কৰা সকলোকে ধন্যবাদ। মই নিজে ভাৰতত নাথাকো। এই ঘটনাৰ পিছত যদি ভাৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে সেয়া কেৱল মোৰ বাবেই নহয়, অৰুণাচলৰ ৰাইজৰ বাবেও হ’ব।
একেখন দেশৰ নাগৰিক হিচাপে আহক আমি ইজনে সিজনৰ কাষত থিয় দিওঁ।”
উল্লেখ্য যে এই ঘটনাৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে মহিলাগৰাকীক কোনো ধৰণৰ হাৰাশাস্তি কৰা হোৱা নাই। সীমান্তৰক্ষী বাহিনীয়ে ‘আইন-নীতি’ অনুসৰি কাম কৰিছিল।
বিমান সংস্থাটোৱে তেওঁক পানী আৰু খাদ্যও যোগান ধৰিছিল। চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয়, “জাংনান ( চীনে অৰুণাচল প্ৰদেশক এই নামেৰে কয়) আমাৰ দেশৰ অংশ। অৰুণাচল প্ৰদেশৰ ওপৰত ভাৰতৰ অবৈধ দাবীক চীনে কেতিয়াও স্বীকৃতি নিদিয়ে।” ইফালে এই বক্তব্যৰ প্ৰতি সঁহাৰি জনাই যোৱানিশা ভাৰতে চীনক গৰিহণা দিয়ে।
ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে অৰুণাচল প্ৰদেশৰ এজন ভাৰতীয় নাগৰিকক ইচ্ছাকৃতভাৱে আটক কৰা সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ে দিয়া বক্তব্য নিন্দনীয়। অৰুণাচল ভাৰতৰ এক ‘অবিচ্ছেদ্য অংগ’ বুলিও ৰণধীৰে স্পষ্টকৈ কয়। ইয়াৰ বিপৰীতে চীনে যি কৰিছে সেয়া আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰোধী।












