
নিৰাপত্তাৰক্ষীৰ গুলীচালনাত (Encounter) মঙলবাৰে নিহত হয় শীৰ্ষ মাওবাদী নেতা মাদৱী হিদমা আৰু তেওঁৰ পত্নী। তেতিয়াৰে পৰাই অন্ধ্ৰপ্ৰদেশৰ মাৰেডুমিলি বনাঞ্চলত বাকী মাওবাদীসকলৰ সন্ধানত অভিযান চলি আছিল।

এইবাৰ বুধবাৰে নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত আৰু ৭টা মাওবাদী নিহত হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বুধবাৰে পুৱা আলুৰি সীতামাৰাজু জিলাৰ মাৰেডুমিলি বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হয়।
অন্ধ্ৰপ্ৰদেশৰ চোৰাংচোৱা সংস্থাৰ এডিজি মহেশ চন্দ্ৰ লাড্ডাই কয় যে মঙলবাৰে ছয়জন মাওবাদীৰ মৃত্যুৰ পিছৰে পৰা বাকী সদস্যসকলক বিচাৰি উলিয়াবলৈ অৰণ্যত তালাচী চলোৱা হৈছে। গোটেই নিশা অনুসন্ধান চলোৱা হয়। বুধবাৰে পুৱা মাওবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে।
নিৰাপত্তা বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে। দুয়োপক্ষৰ মাজত সংঘটিত সংঘৰ্ষত নিহত হয় ৭ মাওবাদী। এই গোটৰ আন সদস্যসকলক বিচাৰি এতিয়াও অনুসন্ধান অব্যাহত আছে। এডিজিয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলা মাওবাদী সদস্যও আছে।
এডিজি লাড্ডাই লগতে কয় যে মৃত লোককেইজনৰ চিনাক্তকৰণৰ কাম চলি আছে। অৱশ্যে এজন ব্যক্তিক চিনাক্ত কৰা হৈছে। তেওঁৰ নাম মেতুৰি জোখা ৰাও ওৰফে ‘টেক শংকৰ’। তেওঁ শ্ৰীকাকুলামৰ বাসিন্দা। আৰক্ষীৰ সূত্ৰ অনুসৰি, শংকৰ অন্ধ্ৰ-ওড়িশা সীমান্তত আঞ্চলিক সমিতিৰ সদস্য আছিল। তেওঁ প্ৰযুক্তিবিদ্যাত অতি পাকৈত আছিল।
শংকৰ অস্ত্ৰ-শস্ত্ৰ আৰু যোগাযোগৰ সঁজুলি নিৰ্মাণতো অতি পাকৈত আছিল। এডিজিয়ে কয় যে এনটিআৰ, কৃষ্ণ, কাকিনাড়া, ক’নাছিমা, এলুৰুত ৫০ জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। উদ্ধাৰ হৈছে ৪৫টা অস্ত্ৰ-শস্ত্ৰ, ২৭২ ৰাউণ্ড কাৰ্টিজ, দুটা মেগজিন, ৭৫০ গ্ৰাম তাঁৰ আৰু বিস্ফোৰক সামগ্ৰী।










