
যেতিয়ালৈকে শান্তি বৰ্তাই ৰখা হ’ব, তেতিয়ালৈকে নিস্তব্ধতা থাকিব। কিন্তু শান্তি ভংগ কৰাৰ যিকোনো প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনোৱা হ’ব। সন্ত্ৰাসবাদ আৰু সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ সন্দৰ্ভত নাম নোলোৱাকৈয়ে ভাৰতীয় সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানক পুনৰ সকীয়াই দিয়ে। ইয়াৰ সমান্তৰালকৈ তেওঁৰ কথাত ভাৰত আৰু চীনৰ সম্পৰ্ক উন্নত কৰাৰ বিষয়টোও আহে। সেনা প্ৰধানগৰাকীয়ে লগতে মন্তব্য কৰে যে বিগত এবছৰত আলোচনাৰ জৰিয়তে দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নীত কৰিব পৰা গৈছে।

অৱশ্যে তেওঁৰ ভাষণৰ বেছিভাগেই আছিল সন্ত্ৰাসবাদ, সীমান্ত সন্ত্ৰাসবাদ আৰু পাকিস্তানৰ বিষয়ে। সীমান্ত সন্ত্ৰাসবাদ সন্দৰ্ভত সেনা প্ৰধানগৰাকীয়ে দাবী কৰে যে সীমান্তত উত্তেজনা বিয়পোৱাৰ প্ৰয়াস হ’লে ভাৰত মৌন হৈ নাথাকে। অৱশ্যে সেনা প্ৰধানগৰাকীয়ে কয় যে ভাৰতৰ মাটিত সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ কেনেদৰে লাঘৱ কৰিব পাৰি সেয়া এতিয়া চুবুৰীয়া দেশসমূহৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।
তেওঁ কয়, “আমি বাৰে বাৰে কৈ আহিছো যে আলোচনা আৰু সন্ত্ৰাসবাদ একেলগে আগবাঢ়িব নোৱাৰে। তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে। আমি সদায় শান্তিৰ পথত খোজ দিছো। কিন্তু যদি কোনোবাই বাৰে বাৰে সেই শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰে, তেন্তে আমি উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ কুণ্ঠাবোধ নকৰো।” একে সময়তে সেনা প্ৰধানগৰাকীয়ে পৰোক্ষভাৱে পাকিস্তানক সোঁৱৰাই দিবও বিচাৰে যে ভাৰত কোনো ব্লেকমেইলিঙৰ বাবে মুকলি নহয়।
যদি কোনোবাই ভাবে যে আমি পাৰমাণৱিক ভাবুকিৰে ভাৰতক দমন কৰিম, তেন্তে তেওঁলোকে সেই ভুল ধাৰণাটোৰ পৰা আঁতৰি যাব লাগে বুলিও সেনা প্ৰধান দ্বিবেদীয়ে সকীয়াই দিয়ে। জম্মু-কাশ্মীৰৰ বিষয়টোও তেওঁৰ কথাত প্ৰকাশ পায়। ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত জম্মু-কাশ্মীৰৰ পৰিস্থিতি কেনেদৰে উন্নত হৈছে সেই সন্দৰ্ভতো তেওঁ মন্তব্য কৰে।










