
বীমা চুক্তি উলংঘা হ’লেও পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিক বা তেওঁৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বীমা কোম্পানী বাধ্য। এইবাৰ দেশৰ শীর্ষ আদালতে (Supreme Court of India) এই কথা উল্লেখ কৰিছে৷

তেলেংগানা উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰি উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ নিৰ্দেশ দিছে যে এনে পৰিস্থিতিত সংশ্লিষ্ট কোম্পানীয়ে ক্ষতিপূৰণ দিব লাগিব। কিন্তু পিছত বীমা কোম্পানীয়ে প্ৰত্যাহ্বান গোচৰ দাখিল কৰি গাড়ীৰ মালিকৰ পৰা ক্ষতিপূৰণৰ ধন আদায় কৰিব পাৰে।
পথ দুৰ্ঘটনাত আহত অকুল নাৰায়ণ নামৰ এজন ব্যক্তিৰ আবেদনৰ অনুমতি দি উচ্চতম ন্যায়ালয়ে এই ৰায় দিছে। ন্যায়াধীশ সঞ্জয় কেৰল আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে কয় যে যদি বীমাৰ চুক্তি ভংগ হৈছে, তেন্তে বীমা কোম্পানীয়ে বাহনৰ মালিকৰ পৰা ক্ষতিপূৰণৰ ধন আদায় কৰিব পাৰিব। এই সন্দৰ্ভত বিগত বিভিন্ন গোচৰৰ ৰায়দানৰ উদাহৰণো উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে।
ন্যায়াধীশ দুগৰাকীয়ে কয়, “বীমা কোম্পানীয়ে এই আদেশ মানি চলিব লাগিব। অৱশ্যে তেওঁলোকে বীমাকৃত ব্যক্তি অৰ্থাৎ গাড়ীৰ মালিকৰ পৰাও আদায় দিয়া ধন আদায় কৰিব পাৰিব। আমি ভাবোঁ যে বীমা কোম্পানীকো এই সন্দৰ্ভত সুকীয়া গোচৰ ৰুজু কৰিবলৈ দিয়া উচিত।”
পাঁচজনীয়া যাত্ৰীবাহী বাহনত থকা অৱস্থাত পথ দুৰ্ঘটনাত আহত হয় অকুল নামৰ এজন ব্যক্তি। দুৰ্ঘটনাটোৰ পিছত মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণে বীমা কোম্পানী অৰিয়েণ্টেল বীমা কোম্পানী লিমিটেড আৰু গাড়ীৰ মালিকক যৌথভাৱে আহতসকলক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু পিছত তেলেংগানা উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ খাৰিজ কৰে।
উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে চালকজনে পাঁচ আসনৰ গাড়ীত ৯ জন যাত্ৰী কঢ়িয়াই নিছিল, যিটো বীমা চুক্তিৰ চৰ্ত উলংঘন। অৱশ্যে উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত প্ৰস্তাৱ আগবঢ়ায় অকুলে। বীমা কোম্পানীটোৱে যুক্তি দিয়ে যে চুক্তিখনত কোৱা হৈছে যে চালক আৰু পৰিচালকৰ বাহিৰে আন কোনোৱে ক্ষতিপূৰণ নাপাব।
তদুপৰি পাঁচ আসনৰ গাড়ীখনত ৯ জন যাত্ৰী আছিল। গতিকে এই ক্ষেত্ৰত বীমা কোম্পানীক জগৰীয়া কৰিব নোৱাৰিব। এই যুক্তি নাকচ কৰি উচ্চতম ন্যায়ালয়ে কয় যে বীমা কোম্পানীয়ে ক্ষতিপূৰণ দিব লাগিব। অৱশ্যে পিছত সংশ্লিষ্ট ব্যক্তিজনৰ পৰা ক্ষতিপূৰণৰ ধন আদায় কৰিবলৈ সক্ষম হ’ব কোম্পানীটোৱে।










