
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বোকাখাততো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ (National Press Day) উদযাপন কৰা হয় । বোকাখাতৰ সম জিলা প্ৰশাসনৰ জনসংযোগ বিভাগৰ উদ্যোগত বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সংস্থা আৰু ইলেকট্ৰনিক মিডিয়া জাৰ্নেলিষ্ট এচ’চিয়েচনৰ সহযোগিতাত আজি বোকাখাত সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বোকাখাতৰ সমূহ সাংবাদিকৰ উপস্থিতিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় ।

বোকাখাত সম জিলাৰ সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া কুশল কলিতাই আঁত ধৰা আজিৰ অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মাই সমল ব্যক্তি হিচাবে উপস্থিত থাকি “বিভ্রান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্রদান” সন্দৰ্ভত আলোচনা আগবঢ়ায় ।
গোলাঘাট জিলা প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতাই ১৯৬৬ চনৰ পৰা উদযাপন হোৱা এই দিৱস তাৎপৰ্য ব্যাখ্যা কৰি সাহসী হৈ সত্যৰ পক্ষত থাকি বহু সাংবাদিকে নিজৰ জীৱন ত্যাগ কৰাৰ কথা উল্লেখ কৰে। বৰ্তমান সংবাদ মাধ্যম গণতন্ত্ৰৰ কেৱল চতুৰ্থ স্তম্ভ হৈ থকা নাই বুলি কৈ ই এতিয়া এক ভেটিলৈ ৰূপান্তৰ হৈছে বুলিও প্ৰকাশ কৰে। সত্য আৰু শুদ্ধ ৰূপত বাতৰি পৰিবেশন নকৰিলে নৱ প্ৰজন্মৰ সংবাদ মাধ্যমৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাব ।
আলোচক নীলপদ্ম শৰ্মাই ভুৱা বাতৰি পৰিৱেশন এক অশুভ পৰম্পৰা বুলি উল্লেখ কৰে আৰু নিজাকৈ অনুসন্ধান কৰি বাতৰি প্ৰকাশ কৰিব লাগিব বুলি উল্লেখ কৰে। আলোচনাত জেষ্ঠ সাংবাদিক নীলু আচাৰ্য, অমৰ শৰ্মায়ো অংশগ্ৰহন কৰি বক্তব্য ৰাখে ।
বোকাখাত সম জিলাৰ আয়ুক্ত শিৱানী জাৰ্ণগেলৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাত জেষ্ঠ সাংবাদিক উত্তম শইকীয়াই বিষয় বস্তু সন্দৰ্ভত সচিত্ৰ উপস্থাপনেৰে আলোচনাত অংশগ্ৰহন কৰে । আনুষ্ঠানত বোকাখাত সমজিলাৰ বিভিন্ন প্ৰান্তৰৰ সাংবাদিক সকলৰ উপৰিও জনসংযোগ বিভাগৰ লোক সকলো উপস্থিত থাকে ।












