
উত্তৰ প্ৰদেশৰ (Uttar pradesh) সোণভদ্ৰত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু হয়। আনহাতে ১৫জন লোক আবদ্ধ হৈ আছে। প্ৰশাসনে যুদ্ধকালীন তৎপৰতাত কাম কৰা আৰম্ভ কৰিছে।

এনডিআৰএফ আৰু এছডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হৈছে। শনিবাৰে সোণভদ্ৰা জিলাৰ কুৱেৰীটোত বৃহৎ সংখ্যক শ্ৰমিকে কাম কৰি আছিল। হঠাতে আবেলি তিনি বজাত ভূমিস্খলন হয়।
পাহাৰৰ পৰা অহা ডাঙৰ ডাঙৰ শিলবোৰ কুৱেৰীত পৰি যায়। ঘটনাটোৰ সময়ত খনিৰ ভিতৰত ১৫ জনতকৈও অধিক শ্ৰমিকে কাম কৰি আছিল। খহি পৰাৰ পিছত তেওঁলোকৰ কাকো দেখা পোৱা নগ’ল। তাৰ পৰা আশংকা কৰা হৈছে যে তেওঁলোক আটাইকেইজন ভূমিস্খলনৰ তলত সমাধিস্থ হ’ব পাৰে।
দূৰ্ঘটনাৰ খবৰ পাই আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ ততাতৈয়াকৈ যায়। সূত্ৰ অনুসৰি, শ্ৰমিকসকলে খনিৰ গভীৰতাত কাম কৰি আছিল আৰু যন্ত্ৰৰ সহায়ত শিলটোত গাঁত খান্দি আছিল। ঠিক তেতিয়াই, পাহাৰৰ পৰা এটা ডাঙৰ শিল আহিল আৰু কুৱেৰীত পৰি গ’ল। স্থানীয় বাসিন্দাসকলে তৎক্ষণাৎ আৰক্ষীক খবৰ দিয়ে।
দেওবাৰে পুৱা উদ্ধাৰ অভিযান আৰম্ভ হয়, যেতিয়া এজন শ্ৰমিকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল। উদ্ধাৰ অভিযান চলি আছে।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ শনিবাৰে এটা অনুষ্ঠানত ভাগ ল’বলৈ সোণভদ্ৰত আছিল। জানিব পৰা মতে যে দুৰ্ঘটনাস্থলী তেওঁৰ বৈঠকৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত অৱস্থিত।










