
মিজো নেচনেল ফ্ৰণ্টে (এমএনএফ) মিজোৰামৰ ডাম্পা বিধানসভা সমষ্টিত জয়ী হৈছে৷ উল্লেখ্য যে ১১ নৱেম্বৰত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু শুকুৰবাৰে ফলাফল ঘোষণা কৰে।

নিৰ্বাচন আয়োগৰ মতে, এমএনএফ প্ৰাৰ্থী তথা দলৰ উপ-সভাপতি আৰ লালথাংলিয়ানাই শাসনাধিষ্ঠিত জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম)ৰ প্ৰাৰ্থী, গায়ক আৰু প্ৰচাৰক ভালালচাইলোভাক ৫৬২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ ৰাজ্যৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী লালথাংলিয়ানাই ৬,৯৮১টা ভোট লাভ কৰাৰ বিপৰীতে জেডপিএমৰ প্ৰাৰ্থীয়ে ৬,৪১৯টা ভোট লাভ কৰে।













