শিৱসাগৰ : শিৱসাগৰ জিলাৰ হাঁহচৰা সিংহদুৱাৰত কালি আৰু আজি শুক্ৰবাৰে পুৱাই উদ্ধাৰ হয় ৰজাদিনীয়া মূৰ্তি।
ব্যক্তিগত প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ’য়ে গাত খান্দোতে উদ্ধাৰ হয় ৰজাদিনীয়া শিলৰ মূৰ্তি। শিলেৰে নিৰ্মিত সিংহৰ মূৰ্তি ভগ্নাৱশেষ, এটা শিলৰ কলচী আৰু ৰজাদিনীয়া শিল, ইটা উদ্ধাৰ হোৱা ঘটনাই অঞ্চলবাসীক চিন্তিত কৰি তুলিছে। ব্যক্তিগত মোবাইল কোম্পানী জিঅ’ ই ইন্টাৰনেট সেৱাৰ কেবোলৰ গাঁত খান্দোতে সিংহদ্বাৰ চাৰিআলিৰ তোৰণৰ সন্মুখত এই পৌৰাণিক সামগ্ৰী উদ্ধাৰ কৰে শ্ৰমিকে।
ঘটনাস্থলীত উপস্থিত হৈ পুৰাতত্ব বিভাগে জনায় যে ব্যক্তিগত মোবাইল প্ৰতিষ্ঠান জিঅ’ই গাঁত খন্দা সম্পৰ্কে অৱগত নহয় শিৱসাগৰ জিলাৰ পুৰাতত্ত্ব বিভাগ।জিঅ’ৰ এই কাৰ্য বিৰুদ্ধে এতিয়া পুৰাতত্ত্ব বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব তাকে লৈ স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে। লগতে পুৰাতত্ব বিভাগক এই সম্পত্তি সমূহ সংৰক্ষণৰ ব্যৱস্থা জনাইছে স্থানীয় ৰাইজে।