
মঙলবাৰে বিয়লি ছত্তীশগড়ৰ বিলাসপুৰত সংঘটিত হয় যাত্ৰীবাহী (Chhattisgarh Train Accident) আৰু মালবাহী ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ। বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনাত এতিয়ালৈকে ৬ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

অৱশ্যে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। উদ্ধাৰ অভিযান আৰম্ভ হৈছে।
আজি আবেলি প্ৰায় ৪ বজাত এম ই এম ইউ যাত্ৰীবাহী ৰে’লখন বিলাসপুৰৰ পৰা গেভ্ৰালৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ৰে’লৱে সূত্ৰত প্ৰকাশ।
ৰে’ল বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, গেটোৰা আৰু বিলাসপুৰৰ মাজত এখন মালবাহী ৰে’লৰ সৈতে যাত্ৰীবাহী ৰে’লখনৰ মুখামুখি সংঘৰ্ষ হয়। অৱশ্যে বিতং তথ্যৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে।










