
অসম আৰক্ষীলৈ (Assam Police) এক বিশেষ সন্মান। আঠগৰাকী আৰক্ষী বিষয়াই কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ দক্ষতা পদক লাভ কৰাৰ লগতে আন পাঁচগৰাকী আৰক্ষী বিষয়াই লাভ কৰিছে তদন্তত সহযোগ কৰাৰ বাবে বিশেষ পদক ৷ ‘অপাৰেচন প্ৰঘাত’ত দেখুওৱা সফলতাৰ বাবে আৰক্ষী বিষয়াকেইগৰাকীয়ে ২০২৫ বৰ্ষৰ এই পদক লাভ কৰিছে৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰী দক্ষতা পদক লাভ কৰা বিষয়াকেইগৰাকী হৈছে আই জি পি পাৰ্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা, প্ৰণৱ কুমাৰ পেগু, উপ-আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ সিং হাজাৰী, পৰিদৰ্শক কপিল পাঠক, শংকৰজ্যোতি নাথ, সৰোজ দলে আৰু বিক্ৰম বসুমতাৰী।
আনহাতে, তদন্তৰ বিশেষ সফলতাৰ বাবে গৃহ মন্ত্ৰীৰ বিশেষ দক্ষতা পদক লাভ কৰা আন পাঁচগৰাকী আৰক্ষী বিষয়া হৈছে আৰক্ষী অধীক্ষক অখিলেশ কুমাৰ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক ফুলকৰ নাৰ্জাৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাস, এছ ডি পি অ’ প্ৰকাশ সোণোৱাল আৰু উপ-পৰিদৰ্শক উমেশ বৰা।












