
ভাৰতীয় সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পুনৰ পাকিস্তানক সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। শুকুৰবাৰে তেওঁ কয় যে এইবাৰ প্ৰৰোচিত হ’লে ভাৰতে ‘সংযম’ ৰক্ষা নকৰে।

ভাৰতীয় সেনাই ইমানেই আঘাত কৰিব যে পাকিস্তানে নিজৰ ইতিহাস আৰু ভূগোল সংৰক্ষণৰ কথা চিন্তা কৰিব লাগিব। জেনেৰেল দ্বিবেদীয়ে চুবুৰীয়া দেশখনক সংযম ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে।
শুকুৰবাৰে ৰাজস্থানত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় সেনাপ্ৰধান দ্বিবেদীয়ে কয়, “যদি পাকিস্তানে বিশ্বৰ ইতিহাস আৰু ভূগোলত নিজৰ অস্তিত্ব বজাই ৰাখিব বিচাৰে তেন্তে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদ বন্ধ কৰিব লাগিব।
আমি এইবাৰ সিন্দুৰ অভিযানৰ সময়ত যি সংযম দেখুৱাইছিলো সেয়া আমি দেখুৱাব নোৱাৰিম। যদি তেওঁলোকে আমাক পুনৰ উচটনি দিয়ে তেন্তে আমি এখোজ আগুৱাই যাম।” দ্বিবেদীয়ে লগতে কয় যে এনেকুৱাও হ’ব পাৰে যে আমি ইমান আঘাত দিম যে পাকিস্তানে নিজৰ ইতিহাস আৰু ভূগোল সংৰক্ষণৰ কথা চিন্তা কৰিব লাগিব।
উল্লেখ্য যে ২২ এপ্ৰিলত পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। এই আক্ৰমণত পাকিস্তানী সন্ত্ৰাসবাদী জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে। ৭ মে’ত ভাৰতে পাকিস্তানী সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিবলৈ অপাৰেচন সিন্দুৰ আৰম্ভ কৰে।
ভাৰতীয় সেনাই পাকিস্তানত ৯টা ঘাটি ধ্বংস কৰে। পাক অধিকৃত কাশ্মীৰত প্ৰায় ১০০ সন্ত্ৰাসবাদী নিহত হয়। আনহাতে, পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ সময়ত দেশৰ সেনাই সেয়া বিফল কৰিছিল। শুকুৰবাৰে সেনা প্ৰধানগৰাকীয়ে পুনৰ ভাৰতীয় সেনাবাহিনীক সাজু হ’বলৈ কয়।
তেওঁ কয়, “অনুগ্ৰহ কৰি সম্পূৰ্ণ সাজু থাকক। ভগৱানে ইচ্ছা কৰিলে অতি সোনকালে আৰু এটা সুযোগ পাব। শুভেচ্ছা থাকিল। জয় হিন্দ।” ইয়াৰ পিছত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে ভাৰতে পুনৰ পাকিস্তানৰ উত্তৰ দিবনেকি?













