
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi on Trump) গাজাত শান্তি ঘূৰাই অনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পদক্ষেপক আদৰণি জনায়। শনিবাৰে পুৱা তেওঁ ছ’চিয়েল মিডিয়াত এই বিষয়ে পোষ্ট কৰি ট্ৰাম্পৰ নেতৃত্বক প্ৰশংসা কৰে।

তেওঁ গাজা আৰু পশ্চিম এছিয়া সন্দৰ্ভত ভাৰতৰ স্থিতিৰ বিষয়েও ব্যাখ্যা কৰে। গাজাত শান্তি ঘূৰাই অনাৰ বাবে ২০ দফীয়া প্ৰস্তাৱৰ পৰিকল্পনা কৰিছিল ট্ৰাম্পে।
যদিও ইজৰাইলে এই প্ৰস্তাৱত সন্মতি দিছিল, তথাপিও পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠন হামাছে আৰম্ভণিৰে পৰা নিমাত আছিল। ট্ৰাম্পে ক্ষুব্ধ হৈ হামাছক সময়সীমা বান্ধি দিছিল। তেওঁ লগতে সকীয়াই দিয়ে যে যদিহে দেওবাৰৰ ভিতৰত হামাছে এই প্ৰস্তাৱত সন্মতি নিদিয়ে তেন্তে হামাছে ‘নৰক যন্ত্ৰণা’ ভোগ কৰিব লাগিব।
ইয়াৰ পিছত হামাছে এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁলোকে ২০ দফীয়া প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। কাৰাবন্দীসকলক মুকলি কৰি দিয়া হ’ব। গাজাৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ মেজলৈ যাব বুলিও কয়। ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়াত হামাছৰ এই বক্তব্য প্ৰকাশ কৰে। ইয়াৰ পিছতে মোদীয়ে এটা পোষ্ট কৰে।
তেওঁ লিখিছে, “গাজাত শান্তি পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈছে আৰু আমি এই ক্ষেত্ৰত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বক আদৰণি জনাইছো। বন্দীসকলক মুকলি কৰি দিয়াৰ ইংগিত অতি তাৎপৰ্যপূৰ্ণ।” ইয়াৰ পিছত তেওঁ কয় যে ভাৰতৰ স্থায়ী আৰু ন্যায্য শান্তিৰ দিশত কৰা সকলো প্ৰচেষ্টাৰ প্ৰতি শক্তিশালী সমৰ্থন আছে আৰু আগন্তুক দিনতো তেনেকৈয়ে সমৰ্থন কৰি যাব।
ইফালে হামাছৰ বক্তব্যৰ পিছত ট্ৰাম্পে ইজৰাইলক তৎক্ষণাত গাজাত বোমা বিস্ফোৰণ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। ২০ দফীয়া পৰিকল্পনাৰ জৰিয়তে পশ্চিম এছিয়াত শান্তি ক্ষিপ্ৰতাৰে পুনৰুদ্ধাৰ হ’ব বুলি তেওঁ আশাবাদী।
গাজাৰ পৰা বন্দীসকলক কেনেকৈ ক্ষিপ্ৰতাৰে উলিয়াই আনিব পাৰি সেই সন্দৰ্ভতো আলোচনা আৰম্ভ হৈছে। হামাছে কিছু চৰ্ত দিছে। এই সকলোবোৰ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা চলি থকা বুলি উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
ট্ৰাম্পে দাবী কৰে যে আমেৰিকাত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত ইখনৰ পিছত সিখন যুদ্ধ বন্ধ কৰি আহিছে। ইয়াৰ বাবে তেওঁ নিজেই কৈছিল যে তেওঁ শান্তিৰ নোবেল বঁটাৰ যোগ্য। তেওঁ দাবী কৰে যে যোৱা কেইমাহমানৰ ভিতৰত তেওঁ মুঠ ৭খন যুদ্ধ বন্ধ কৰি দিছে।
আনকি যোৱা মে’ মাহত ভাৰত আৰু পাকিস্তানে যি সশস্ত্ৰ সংঘাতত লিপ্ত হৈছিল, সেই সংঘাত বন্ধ কৰাৰ কৃতিত্বও ট্ৰাম্পে দাবী কৰিছিল। ভাৰতে অৱশ্যে ট্ৰাম্পৰ হস্তক্ষেপ স্বীকাৰ নকৰিলে। এই প্ৰেক্ষাপটত একাংশৰ মতে পশ্চিম এছিয়াত যুদ্ধ বন্ধ কৰাৰ বাবে ট্ৰাম্পৰ উদ্যোগক মোদীৰ প্ৰশংসাৰ এক সুকীয়া তাৎপৰ্য আছে।












