
জুবিন গাৰ্গৰ (Zubeen Garg) ৰহস্যজনক মৃত্যুৰ গোচৰত এতিয়ালৈকে ৪ জনক গ্ৰেপ্তাৰ। ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি বুধবাৰে মুখ্য ন্যায়িক দণ্ডাধীশে ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

এইবাৰ বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক শুকুৰবাৰে আদালতে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে বিগত কেইবাদিনো ধৰি এছ আই টিয়ে দুয়োকে সোধা-পোছা কৰি আছিল। ইয়াৰ পিছতে বৃহস্পতিবাৰে নিশা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰে।
তাৰ পিছত শুকুৰবাৰে তদন্তকাৰী গোটে তেওঁলোকক অধিক সোধা-পোছাৰ বাবে ১৪ দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। আদালতে দুয়ো অভিযুক্তক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
আনহাতে, জুবিন গাৰ্গৰ সৈতে সাগৰলৈ য়টত যোৱা ছিংগাপুৰৰ অসম এছোচিয়েচনৰ ১১ জন সদস্যকো অহা ৬ অক্টোবৰত এছ আই টিয়ে চমন জাৰি কৰা বুলি জানিব পৰা গৈছে।













