
মুখ্যমন্ত্রী নীতিশ কুমাৰৰ জেডিইউ দলে দশেৰা (বিজয়া দশমী) উপলক্ষে বিহাৰবাসীক শুভেচ্ছা জনাই এক অভিনৱ এ আই (artificial intelligence) ভিডিঅ’ মুকলি কৰিছে৷ বৃহস্পতিবাৰৰ এই ঘটনাই নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য বিহাৰত ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছে।

জেডিইউৰ এ আই ভিডিঅ’টোত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ প্ৰতিষ্ঠাপক লালুপ্ৰসাদক ‘ৰাৱণ’ হিচাপে চিত্ৰিত কৰা হৈছে। তাত ৰাৱণৰ দৰে দহটা মূৰ আছে লালুৰ। সেইবোৰত লিখা আছে ‘অপৰাধ, লুটপাত, দুৰ্নীতি, ডকাইতি, ধনদাবী, জাতিগত ঘৃণা, হত্যা, অপহৰণ, ধৰ্ষণ’।
জেডিইউৰ ভিডিঅ’টোত দাবী কৰা হৈছে যে এইবোৰ আৰজেডি শাসনৰ অধীনত বিহাৰৰ পৰিচয় হৈ পৰিছিল। লালুৰ দলে মগধভূমিত ‘জংগল ৰাজ’ প্ৰতিষ্ঠা কৰে।
এ আই ভিডিঅ’টোত এজন ‘বিহাৰ বাসিন্দা’ হাতত ধনু-কাঁড় লৈ ৰামৰ চৰিত্ৰত দেখা গৈছে।
আগন্তুক বিধানসভা নিৰ্বাচনত বিহাৰৰ ৰাইজে ৰাজনৈতিকভাৱে লালুৰ দলটোক হত্যা কৰিব বুলি মন্তব্য কৰিছে নীতিশৰ দলে। অহা সপ্তাহত ঘোষণা হ’ব পাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন। তাৰ আগতে আৰজেডিয়ে দাবী কৰিছে যে বিহাৰত জেডিইউয়ে পৰিকল্পিতভাৱে অপমানজনক অভিযান আৰম্ভ কৰিছে।
উল্লেখ্য যে ২০২৩ চনত দশেৰা উৎসৱৰ সময়ত বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ‘ৰাৱণ’ হিচাপে চিত্ৰিত কৰা পোষ্টাৰ বনাই তেওঁক ‘ধৰ্মবিৰোধী’ আৰু ‘ৰামবিৰোধী’ বুলি লেবেল লগাইছিল। ইয়াৰ ফলত এক প্ৰবল বিতৰ্কৰ সৃষ্টি হৈছিল।










