ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি কাৰবি আংলং জিলাৰ লংনিটৰ সমীপৱৰ্তী নৈসৰ্গিক বনভোজথলী শিলনীত উলহ-মালহেৰে উদযাপন কৰা হয় ৷

এই উপলক্ষে আজি পুৱা জিলা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে জিলা প্ৰেছ ক্লাৱৰ সভাপতি কিৰি ৰংহাঙে ৷ গৌৰৱোজ্জল তৃতীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰাক ক্ষণতে বনভোজ থলীতে সম্বৰ্ধনা জনোৱা হয় জিলা খনৰ জ্যেষ্ঠ সাংবাদিক মহলৰ পৰা অসমৰ বিভিন্ন স্থানত বঁটা গ্ৰহণ আৰু সম্বৰ্ধিত হোৱা তিনি জ্যেষ্ঠ সাংবাদিক ক্ৰমে, সাংবাদিক পেঞ্চনাৰ নগেন বৰা, জাফাৰ ৰাজ্যিক সভাপতি লংছিং টেৰণ, আৰু হিলছ টাইমৰ সম্পাদক ৰামেশ্বৰ চৌহান৷
তেওঁলোকক একোখনকৈ প্ৰশস্তি পত্ৰ, কাৰবি জেকেট আৰু পহ’ৰে সম্বৰ্ধনা জনোৱাৰ লগতে কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আঞ্চলিক প্ৰেছ ক্লাৱৰ সভাপতি সম্পাদক সকলকো সম্বৰ্ধনা জনোৱা হয় ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জাফাৰ ৰাজ্যিক সভাপতি লংছিং টেৰণে কয় যে, কাৰবি আংলং জিলাৰ সাংবাদিক সকল জিলাখনত কোনো প্ৰতিষ্ঠিত কাকত বা বৈদ্যুতিক চেনেল নথকাৰ বাবে বহু সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে ৷ আনহাতে স্থানীয় ক্ষুদ্ৰ কাকত গোষ্ঠীয়েও ভাল বিজ্ঞাপন নোপোৱাৰ বাবে আৰ্থিক অসুবিধা ভোগ কৰিব লগীয়া হয় ৷
আনহাতে সম্বৰ্ধনা সভাত উপস্থিত কাৰবি আংলং সংবাদ জগতৰ বাটকটীয়া “একে অসম একে গীত’ ৰ স্ৰষ্টা তথা সীতানাথ ব্ৰক্ষ্ম বঁটা প্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক নগেন বৰাই জিলা প্ৰেছ ক্লাৱৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে জিলা প্ৰেছ ক্লাৱৰ স্থায়ী ভূমি এডোখৰ আৰু স্থায়ী কাৰ্যালয় স্থাপনক লৈও চিন্তা ব্যক্ত কৰি সভাপতি, সম্পাদক আৰু উপদেষ্টা সকলে এইলৈ প্ৰচেষ্টা চলাই নিয়াৰ আহ্বান জনায় ৷












