
জিমত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নথকাকৈ পুৰুষ প্ৰশিক্ষকৰ দ্বাৰা ছোৱালীক প্ৰশিক্ষণ দিয়া হৈছে। এইবাৰ সেই ছোৱালীসকলৰ সুৰক্ষা আৰু মৰ্যাদাক লৈ গুৰুতৰ চিন্তাৰ সৃষ্টি হৈছে।

যোৱা সপ্তাহত মীৰাটৰ জিমৰ প্ৰশিক্ষক নীতিন ছাইনীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে এই মন্তব্য কৰে। জিমলৈ অহা এগৰাকী মহিলাক বৰ্ণবাদী নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল।
মহিলাগৰাকীয়ে অভিযোগ কৰে যে নীতিন তেওঁলোকৰ জিমৰ প্ৰশিক্ষক। কিন্তু তেওঁ বিভিন্ন আপত্তিজনক কাম কৰিছিল। আন মহিলাৰ অশ্লীল ভিডিঅ’ বনাই তেওঁলৈ পঠিয়াই দিছিল।
ইয়াৰ পিছতেই আদালতৰ পর্যবেক্ষণ, জিমত মহিলাসকলে পুৰুষ প্রশিক্ষকৰ ওচৰত প্রশিক্ষণ লৈ আছে, এইটো গুৰুতৰ উদ্বেগৰ বিষয়।
বেছিভাগ ক্ষেত্রতেই জিমবোৰত মহিলাসকলৰ নিৰাপত্তা আৰু মর্যাদা নিশ্চিত কৰাৰ বাবে পর্যাপ্ত সুৰক্ষা ব্যৱস্থা নাই। মীৰাটৰ ব্রহ্মপুৰী থানাৰ তদন্তকাৰী বিষয়াক ন্যায়াধীশ যাদৱৰ নির্দেশ, তেওঁ অবিলম্বে এই গোচৰৰ সকলো ধৰণৰ পৰিস্থিতি বিবেচনা কৰি এখন ব্যক্তিগত শপতনামা দাখিল কৰিব লাগিব।
সংশ্লিষ্ট জিমটোৰ আইনী পঞ্জীয়ন আছেনে নাই, অভিযুক্তক গ্রেপ্তাৰ কৰা হৈছে নেকি, জিমটোত আৰু কোনো মহিলা প্রশিক্ষক আছে নেকি এই সকলোবোৰ বিস্তাৰিতভাৱে শপতনামাত উল্লেখ থাকিব লাগিব । অহা ৮ ছেপ্টেম্বৰত গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।










