
সোমবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ সমীপত ভাৰতীয় সেনাৰ অভিযান ‘অপাৰেচন মহাদেৱ’ (Operation Mahadev) সফল হয়। তাত তিনিজন সন্ত্ৰাসবাদী নিহত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত কয় যে পহেলগাম আক্ৰমণত এই তিনিওজন সন্ত্ৰাসবাদী জড়িত আছিল। ফৰেনছিক টেষ্টৰ জৰিয়তে, বিজ্ঞানীৰ সহায়ত এই কথা ১০০ শতাংশ নিশ্চিত কৰিছে চৰকাৰে। কিন্তু সন্ত্ৰাসবাদীক ইমান দিনে কাশ্মীৰত কেনেকৈ আবদ্ধ কৰি ৰখা হ’ল?

তিনিমাহৰ পাছতো তেওঁলোকে কিয় কাশ্মীৰৰ পৰা পলায়ন কৰিব নোৱাৰিলে? চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি এন ডি টিভিয়ে প্ৰকাশ কৰা অনুসৰি, সন্ত্ৰাসবাদীৰ বাবে ফান্দ পাতিছিল। কোনো ধৰণে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে গোপন সুৰংগ বন্ধ কৰি দিয়া হৈছিল। তাৰ পৰাই সফলতা লাভ কৰা হয়।
সোমবাৰে সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনি সন্ত্ৰাসবাদী চুলেমান, আফগানি আৰু জিব্ৰাণ নিহত হয়। তিনিওজনেই পাকিস্তানী নাগৰিক। তেওঁলোকৰ পৰা উদ্ধাৰ কৰে এম ৯ আৰু কেইবাটাও এ কে ৪৭ ৰাইফল। যোৱা ২২ এপ্ৰিলত পহেলগামত সংঘটিত হোৱা আক্ৰমণৰ পিছৰে পৰা আত্মগোপন কৰি আছিল।
সূত্ৰৰ পৰা জানিব পৰা মতে, পহেলগাম কাণ্ডৰ পিছত সেনাই আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ চিহ্নিত কৰিছিল। বাহিনীটোৰ বিষয়াসকলে চোৰাংচোৱাৰ তথ্য লাভ কৰে যে পহেলগামৰ অভিযুক্তসকল সেই পথেৰে পাকিস্তানলৈ উভতি অহাৰ সম্ভাৱনা আছে।
ফলত সেই পথত চোৰাংচোৱাগিৰি কেইবাগুণো বৃদ্ধি পালে। সন্ত্ৰাসবাদীয়ে সেই পথেৰে উভতি যাবলৈ সাহস কৰা নাছিল। ইয়াৰ উপৰি কেইবাটাও গোপন সুৰংগ চিনাক্ত কৰা হয়। সেইবোৰত কৌশলগতভাৱে তেওঁলোকক বাধা দিয়া হৈছিল।
সূত্ৰৰ পৰা জানিব পৰা মতে, নিৰাপত্তাৰক্ষীয়ে গোপন সুৰংগ চিনাক্ত কৰি খান্দি পেলায়। ফলত সুৰংগবোৰ পানীৰে ভৰি পৰে। সন্ত্ৰাসবাদীয়ে সেইবোৰ ব্যৱহাৰ কৰিব নোৱৰা হয়। সেইবাবেই তেওঁলোক বহুদিন কাশ্মীৰত আবদ্ধ হৈ আছিল। পলায়নৰ সকলো পৰিকল্পনা বিফল হ’ল।
আনহাতে, সন্ত্ৰাসবাদীৰ অৱস্থান চিনাক্ত কৰিবলৈ চোৰাংচোৱাৰ সহায় লৈছিল সেনাই। মূলতঃ সন্ত্ৰাসবাদীৰ কথা-বতৰা দীৰ্ঘদিন ধৰি বাধাপ্ৰাপ্ত হৈ আছিল। অৱশেষত চোৰাংচোৱা বিষয়াসকলে শ্ৰীনগৰৰ ওচৰত তেওঁলোকৰ অৱস্থান নিশ্চিত কৰে। গোপন শিবিৰত সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান চলায়।
সোমবাৰে যেতিয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংসদত ‘অপাৰেচন সিন্দুৰ’ৰ আলোচনা আৰম্ভ কৰিছিল, তেতিয়া শ্ৰীনগৰৰ সমীপত বাহিনীটোৰ অভিযান চলি আছিল। সন্ত্ৰাসবাদী সৈতে সংঘৰ্ষ কেইবা মিনিট ধৰি চলিছিল। অৱশেষত তিনিওজনেই নিহত হয়। তেওঁলোকৰ পৰা ৰাইফল, গ্ৰেনেডৰ দৰে অস্ত্ৰ উদ্ধাৰ কৰা হয়।
অভিযোগ অনুসৰি কাশ্মীৰৰ একাংশ স্থানীয় লোকে এই সন্ত্ৰাসবাদীসকলক সহায় কৰিছিল। সেনাবাহিনীয়ে তেওঁলোকক চিনাক্ত কৰে। সন্ত্ৰাসবাদী তিনিজনৰ মৃতদেহ চিনাক্তকৰণৰ বাবে স্থানীয় ৰাইজৰ ওচৰলৈ অনা হয়। পহেলগাম আক্ৰমণত তেওঁলোক যে জড়িত আছিল সেই কথা নিশ্চিত আছিল স্থানীয় ৰাইজ।
কিন্তু অমিত শ্বাহে এশ শতাংশ নিশ্চিত হ’ব বিচাৰিছিল। সেয়ে গোটেই ৰাতি ফৰেনছিক বিষয়া আৰু বিজ্ঞানীৰ সৈতে যোগাযোগ কৰি থাকে। সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ বিশেষ বিমানেৰে চণ্ডীগড়লৈ লৈ যোৱা হয়। আহমেদাবাদৰ পৰাও অনা হৈছিল বিশেষ সা-সৰঞ্জাম। সেই সকলোবোৰ অস্ত্ৰৰ পৰাই টেষ্ট শ্বট নিক্ষেপ কৰা হৈছিল।
সেই গুলীবোৰৰ খোলাবোৰক পহেলগাম ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা গোলাবোৰৰ সৈতে তুলনা কৰা হৈছিল। বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে দুয়োটা খোলাৰ মাজত ৯৯ শতাংশ মিল আছে। ইয়াৰ পিছতে পহেলগাম সন্ত্ৰাসবাদীৰ মৃত্যুৰ খবৰ ঘোষণা কৰা হয়।










