
ভাৰত-পাকিস্তান সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশৰ আন এক প্ৰয়াস প্ৰতিহত। জম্মু-কাশ্মীৰৰ পুঞ্চ অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে অনুপ্ৰৱেশকাৰীৰ সংঘৰ্ষ। সেনাৰ সূত্ৰ অনুসৰি, সংঘৰ্ষত দুজন অনুপ্ৰৱেশকাৰী নিহত হয়।

ভাৰতীয় সেনাৰ ‘হোৱাইট নাইট ক’ৰ্পছ’-এ জনোৱা মতে, বুধবাৰে পুঞ্চ অঞ্চলত দুজন অচিনাক্ত ব্যক্তিৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰা হয়। সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ কাষত তেওঁলোকৰ গতি সন্দেহজনক হৈ পৰাত তেওঁলোকক বাধা প্ৰদান কৰা হয়।
তাৰ পাছত হঠাৎ গুলীচালনা আৰম্ভ কৰাত সেনায়ো প্ৰত্যুত্তৰ দিয়ে। বুধবাৰৰ এই অভিযানৰ নাম দিয়া হৈছে ‘অপাৰেচন শিৱশক্তি’(Operation Shiv Sakti)। সূত্ৰ অনুসৰি, দুই সন্দেহযুক্ত লোকে কাঁইটীয়া তাঁৰ পাৰ হৈ ‘পাকিস্তান অধিকৃত কাশ্মীৰ’ৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ হাতত নাছিল কোনো আইনী নথি।
তেওঁলোকে কি উদ্দেশ্যত ভাৰতত প্ৰৱেশ কৰিব বিচাৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আন কোনো অনুপ্ৰৱেশকাৰী বা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে নেকি সেই বিষয়ে জানিবলৈ পুঞ্চৰ দেঘৱাৰ ছেক্টৰত তালাচী অভিযান অব্যাহত আছে।
সোমবাৰে পুৱাৰে পৰা শ্ৰীনগৰৰ সমীপৰ মহাদেৱ পৰ্বতৰ তলত থকা ডাচিগাম বনাঞ্চলত সেনা-আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছিল। সেই অভিযানত নিৰাপত্তাৰক্ষীৰ গুলীচালনাত তিনিজন সন্ত্ৰাসবাদী নিহত হয়। উক্ত অভিযানৰ নাম আছিল ‘অপাৰেচন মহাদেৱ’।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে সংসদত নিশ্চিত কৰে যে নিহত সন্ত্ৰাসবাদী তিনিজন পহেলগাম আক্ৰমণত জড়িত আছিল। চুলেমান শ্বাহ, আফগান আৰু জিব্ৰান নামৰ সন্ত্ৰাসবাদী তিনিজনৰ পৰিচয়ো প্ৰকাশ পাইছে। অমিত শ্বাহে কয় যে চুলেমান সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য আছিল।
আনহাতে, আফগান আৰু জিব্ৰাণো ‘এ তালিকাভুক্ত’ সন্ত্ৰাসবাদী। বিভিন্ন সূত্ৰৰ মতে, নিহত চুলেমানৰ আন এটা নাম আছিল হাছিম মুছা। উক্ত ঘটনাৰ পিছতেই জম্মু-কাশ্মীৰত অনুপ্ৰৱেশ কৰিবলৈ গৈ আৰু দুজন লোকৰ মৃত্যু হয়।











