
স্বামীয়ে গোপনে ৰেকৰ্ডিং কৰিছিল ফোন কল। পত্নীয়ে এনে অভিযোগ লৈ আদালতৰ কাষ চাপিছিল। যদিও উচ্চ ন্যায়ালয়ে পত্নীৰ সপক্ষে ৰায় দিয়ে, কিন্তু উচ্চতম ন্যায়ালয়ে (Supreme Court) সোমবাৰে উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰে।

ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ সতীশ চন্দ্ৰৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে ব্যতিক্ৰমী ক্ষেত্ৰত স্বামী বা পত্নীয়ে বৈবাহিক বিষয় ৰাজহুৱা কৰিব পাৰে।
পত্নীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদ আবেদন দাখিল কৰিছিল স্বামীয়ে।
স্বামীয়ে সন্মতি অবিহনে ফোনকল ৰেকৰ্ড কৰা বুলি অভিযোগ কৰি পত্নীয়ে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চ ন্যায়ালয়ে কয় যে স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে নিষ্ঠুৰতাৰ প্ৰমাণ হিচাপে গোপনে ৰেকৰ্ড কৰা ফোনকল দাখিল কৰিব নোৱাৰে। কিন্তু সোমবাৰে উচ্চতম ন্যায়ালয়ে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰে।
ন্যায়াধীশ নাগাৰত্ন আৰু ন্যায়াধীশ সতীশৰ বিচাৰপীঠে কয় যে প্ৰমাণ আইনৰ ১২২ নং ধাৰা অনুসৰি ব্যতিক্ৰমী ক্ষেত্ৰত স্বামী বা পত্নীয়ে সন্মতি অবিহনে বৈবাহিক বিষয় ৰাজহুৱা কৰিব পাৰে। কাকতলীয়াকৈ সেই ধাৰাত উল্লেখ আছে যে স্বামী বা পত্নীয়ে আনজনৰ সন্মতি অবিহনে বৈবাহিক বিষয়বোৰ ৰাজহুৱা কৰিব নোৱাৰে।
কিন্তু স্বামী বা পত্নীয়ে যদি ইজনে সিজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে তেন্তে এই কথা শিথিল কৰিব পাৰি। উচ্চতম ন্যায়ালয়ৰ মতে এই গোচৰটোও ব্যতিক্ৰমৰ অধীনত পৰে। উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰত গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰা হোৱা নাই।










