
শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ এখন চৰকাৰী চিকিৎসালয়ত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। মৃত বুলি ঘোষণা কৰাৰ প্ৰায় ১২ ঘণ্টাৰ পিছত জীৱিত হৈ উঠে এটি নৱজাতক (Child)। খবৰ অনুসৰি, সমাধিস্থ কৰাৰ মাত্ৰ কেইমুহূৰ্তমান পূৰ্বে এই কথা প্ৰকাশ পায়।

চিকিৎসাৰ গাফিলতিৰ বাবেই এনে হোৱা বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ভাইৰেল হৈ পৰে ঘটনা। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে আম্বাজোগাইৰ স্বামী ৰামানন্দ তীৰ্থ চৰকাৰী চিকিৎসালয়ত।
খবৰ অনুসৰি, যোৱা ৭ জুলাইৰ নিশা চিকিৎসালয়খনত এগৰাকী মহিলাই সন্তান জন্ম দিয়ে। নিশা প্ৰায় ৮ বজাত চিকিৎসকে নৱজাতকটোক মৃত ঘোষণা কৰে। ইয়াৰ পিছত শিশুটিৰ ককাকে মৃতদেহটো তেওঁলোকৰ গাঁৱলৈ লৈ যায় সৎকাৰৰ বাবে। পিছদিনা পুৱা সমাধিস্থ কৰাৰ বাবে এটা গাঁত খান্দি আছিল।
ইফালে শিশুটিৰ আইতাকে শেষবাৰৰ বাবে কেঁচুৱাটিৰ মুখখন চাবলৈ জোৰ দিয়ে। তেতিয়াই সকলো আচৰিত হৈ পৰে যেতিয়া শিশুটিৰ মুখৰ পৰা কাপোৰখন আঁতৰাই দিয়া হয়। নৱজাতকটোৱে হঠাতে কান্দিবলৈ ধৰে। তাৰ পিছত পৰিয়ালৰ লোকে শিশুটিক চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
মৃত ঘোষণা কৰাৰ প্ৰায় ১২ ঘণ্টাৰ পিছত ৮ জুলাইৰ পুৱা প্ৰায় ৭ বজাত শিশুটিক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। আনহাতে, চিকিৎসালয় কৰ্তৃপক্ষই কয় যে নৱজাতকটোৱে জন্মৰ পিছত জীৱনৰ কোনো লক্ষণ দেখা দেখুওৱা নাছিল। চিকিৎসাৰ প্ৰতিও কোনো সঁহাৰি দিয়া নাছিল।
সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ৭ জুলাইত শিশুটিৰ মাতৃক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। গৰ্ভাৱস্থাৰ সময় আছিল ২৭ সপ্তাহ। ডাক্তৰে কয় যে তেওঁৰ গৰ্ভাৱস্থাত জটিলতা আহিছিল। যোৱা ৭ জুলাইৰ সন্ধিয়া ৭ বজাত জন্মগ্ৰহণ কৰা শিশুটিৰ ওজন আছিল ৯০০ গ্ৰাম। তেওঁৰ ওজন যথেষ্ট কম আছিল, যিটো স্বাভাৱিক নহয়।
অৱশেষত কোনো ধৰণৰ চিকিৎসাৰ প্ৰতি সঁহাৰি নিদিয়াৰ বাবে তেওঁক মৃত বুলি ঘোষণা কৰা হয়। বৰ্তমান শিশুটি চিকিৎসাধীন হৈ আছে। অৱশ্যে কিয় এনে ঘটনা সংঘটিত হ’ল তাৰ তদন্তৰ বাবে চিকিৎসালয় প্ৰশাসনে দুখন তদন্ত সমিতি গঠন কৰিছে। দোষীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে। নৱজাতকৰ ককাকে চিকিৎসালয়খনৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে।
অৱশ্যে এতিয়ালৈকে কোনো এজাহাৰ দাখিল কৰা নাই পৰিয়ালটোৱে। কিন্তু তেওঁলোকে সেই সময়ত উপস্থিত থকা চিকিৎসকজনৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে এই ঘটনাৰ পিছত চিকিৎসালয় প্ৰশাসনে আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিছে।










