ASSAM TIMES POST
নিউজ ডেস্ক
এতিয়াৰ পৰা বৈজ্ঞানিক পৰীক্ষণ আৰু প্ৰসাধন সামগ্ৰীৰ পৰীক্ষণৰ ক্ষেত্ৰত শহা পশু জাতীয় জন্তু ব্যৱহাৰ কৰিব নোৱাৰিব৷ এইদৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে৷ কেন্দ্ৰীয় মহিলা তথা শিশু উন্নয়ন দপ্তৰৰ এক আবেদনৰ ভিত্তিত স্বাস্থ্য দপ্তৰে এই সিদ্ধান্ত লৈছে৷
ভাৰতত কেইবাটাও বহুজাতিক প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা প্ৰতিষ্ঠানৰ কাৰখানা আছে৷ এই প্ৰতিষ্ঠানবোৰে নতুনকৈ প্ৰস্তুত কৰা প্ৰসাধন সামগ্ৰী বজাৰত মেলি দিয়াৰ পূৰ্বে জীৱ-জন্তুৰ ওপৰত পৰীক্ষা চলায়৷ জীৱ-জন্তুক গিনিপিগৰ দৰে ব্যৱহাৰ কৰি অহাৰ বিৰুদ্ধে ইতিমধ্যে প্ৰকৃতিপ্ৰেমী সংগঠনবোৰৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
নতুনকৈ প্ৰস্তুত কৰা প্ৰসাধন সামগ্ৰী জন্তুৰ ক্ষেত্ৰত পৰীক্ষা কৰোতে কেতিয়াবা জন্তু ছালৰ ৰোগত আক্ৰান্ত হৈছে৷ সেয়ে এই ক্ষেত্ৰত প্ৰসাধন সামগ্ৰী নিৰ্মাতাসকলক নিষেধাজ্ঞা জাৰি কৰিছে৷ জীৱকুলৰ বিস্তৰ ক্ষতি হোৱালৈ চাই এই নিষেধাজ্ঞা জাৰি কৰা এছিয়াৰ প্ৰথমখন দেশ হৈছে ভাৰত৷