
বিহাৰ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। তাৰ পূৰ্বে বিহাৰৰ এজন বিজেপি নেতাক হত্যা। জানিব পৰা মতে, শুকুৰবাৰে নিশা পাটনাৰ ঘৰৰ সন্মুখত বিজেপি নেতা গোপাল খেমকাক গুলীয়াই হত্যা কৰা হয়। থিতাতে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে এতিয়াও দুৰ্বৃত্তক ধৰিব পৰা নাই। আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা দুৰ্বৃত্তক চিনাক্ত কৰাৰ চেষ্টা চলাই আছে।

গোপাল খেমকা (Gopal Khemka) পেছাত এজন ব্যৱসায়ী আছিল। তেওঁ অঞ্চলটোত বিজেপি নেতা হিচাপেও পৰিচিত আছিল। পাটনাৰ গান্ধী মৈদান থানা এলেকাৰ পানাচে হোটেলৰ সমীপৰ ‘টুইন টাৱাৰ’ ছ’চাইটিত তেওঁ বাস কৰিছিল। শুকুৰবাৰে নিশা আন দিনাৰ দৰে কাম শেষ কৰি ঘৰলৈ উভতি আহিছিল।
অভিযোগ অনুসৰি, ঘৰৰ একেবাৰে ওচৰতে তেওঁক গুলীয়াই হত্যা কৰা হয়। অৱশ্যে কিমানজাঁই গুলী চলোৱা হৈছিল সেয়া স্পষ্ট হোৱা নাই। আনহাতে, গুলীচালনা কৰি দুৰ্বৃত্তই পলায়ন কৰে। আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ থিতাতে মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ঘটনাৰ পিছতে আৰক্ষীয়ে ঘেৰাও কৰিছে অঞ্চলটো। তদন্ত চলি আছে। আৰক্ষীয়ে দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে। উল্লেখ্য যে কেইবছৰমান পূৰ্বে গোপালৰ পুত্ৰ গুঞ্জন খেমকাকো হত্যা কৰা হৈছিল। এইবাৰ নিৰ্বাচনৰ পূৰ্বে গোপালক হত্যা কৰে।









