ASSAM TIMES POST
নিউজ ডেস্ক
বিশ্বত প্ৰতিদিনে ব্যৱহাৰ হয় ৪০০ বিলিয়ন পানী৷ পৃথিৱীৰ মুঠ পানীৰ প্ৰায় ৭০ শতাংশ পানী হিমবাহৰূপে গোট মাৰি আছে৷ মন কৰিব লগীয়া যে মানুহে খাবলৈ ব্যৱহাৰ কৰা পানীখিনি ৫০ বাৰৰো অধিক বাৰ ব্যৱহাৰ হৈছে৷ গুৰুত্বপূৰ্ণ যে মানুহ অনাহাৰে থাকিব পাৰিলেও পানী নোখোৱাকৈ এসপ্তাহো থাকিব নোৱাৰে৷
সমগ্ৰ বিশ্বত মানুহে ব্যৱহাৰ কৰা মুঠ পানীৰ ৭০ শতাংশ জলসিঞ্চনৰ বাবে ব্যৱহাৰ হয়৷ বিশ্বত প্ৰতিদিনে হাজাৰ হাজাৰ লিটাৰ পানী অবাবত নষ্ট হয়৷ শেহতীয়া সমীক্ষা মতে ভাৰতীয়সকলে সৰ্বাধিক পানী নষ্ট কৰে৷ ভাৰতত বৰষুণৰ পানী সদ্ব্যৱহাৰ কৰা লোকৰ সংখ্যা অতি নগণ্য৷ ফলত দেশখন জলসংকটত পৰাটো স্বাভাৱিক হৈ পৰিছে৷
পানী ব্যৱহাৰত মিতব্যয়ী দেশখন হ’ল নেদাৰলেণ্ড৷ নেদাৰলেণ্ডৰ মানুহে বৰষুণৰ পানী পুনৰ ব্যৱহাৰ কৰাত গুৰুত্ব দিয়ে৷ সেয়ে নেদাৰলেণ্ডৰ মানুহৰ প্ৰায়বোৰ ঘৰতে বৰষুণৰ পানী ধৰি ৰাখিব পৰা টেংকী আছে৷ আনহাতে আমেৰিকাত কৃষি খণ্ডতকৈ উদ্যোগ খণ্ডত অধিক পানী ব্যৱহাৰ হয়৷ আমেৰিকাত এখন চাৰি চকীয়া গাড়ী নিৰ্মাণ কৰোতে কেইবা লাখ লিটাৰ পানী খৰচ কৰে৷ অৱশ্যে আমেৰিকাত বৰষুণৰ পানী ধৰি ৰখাৰ ব্যৱস্থা আছে৷