
সন্মুখত বিধানসভা নিৰ্বাচন (Bihar Election)। তাৰ পূৰ্বে বিহাৰৰ এন ডি এ চৰকাৰ পুনৰ ক্ষমতালৈ আহিছে। মঙলবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত বিহাৰৰ মন্ত্ৰীসভাৰ বৈঠক হয়। উক্ত বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে ৰাজ্যৰ সম্ভাৱনাময় যুৱক-যুৱতীসকলক প্ৰতিমাহে ইণ্টাৰশ্বিপৰ বাবে আৰ্থিক সাহায্য দিয়া হ’ব। এই সাহায্য ১৮ৰ পৰা ২৮ বছৰৰ ভিতৰৰ লোকক দিয়া হ’ব।

বিহাৰৰ ‘মুখ্যমন্ত্ৰী প্ৰতিজ্ঞা যোজনা’ প্ৰকল্পৰ অধীনত কাৰিকৰী বিকাশৰ প্ৰশিক্ষণ বা ‘দক্ষতা বিকাশ প্ৰশিক্ষণ’ থকা বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলক প্ৰতিমাহে ৪ হাজাৰ টকাকৈ দিয়া হ’ব। যিসকলৰ আই টি আই ডিগ্ৰী আছে বা ডিপ্লমা পাছ কৰিছে তেওঁলোকে মাহে ৫ হাজাৰ টকা পাব।
স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব ৬ হাজাৰ টকাকৈ। বিহাৰৰ আন জিলাত ইণ্টাৰশ্বিপ কৰাসকলক অতিৰিক্ত ২০০০ টকা দিয়া হ’ব বুলি জনোৱা হৈছে। যদি আন ৰাজ্যত কাম কৰে তেন্তে অতিৰিক্ত ৫ হাজাৰ টকা দিয়া হ’ব।
বিহাৰৰ এন ডি এ চৰকাৰে এই ইণ্টাৰশ্বিপৰ সময়সীমা তিনিৰ পৰা ১২ মাহ হ’ব বুলি অৱগত কৰিছে। এই সময়ছোৱাত আৰ্থিক সাহায্য পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ’ব। বিহাৰ চৰকাৰে এইবাৰ এনেধৰণৰ ৫ হাজাৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিছে।
পাঁচ বছৰৰ পাছত এই সংখ্যা এক লাখৰো অধিকলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰকল্পৰ বাবে চৰকাৰী ৰাজকোষৰ ব্যয় হ’ব ৬৮৫.৭৬ কোটি টকা। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰত বিধৱা আৰু বৃদ্ধসকলৰ পেঞ্চন যথেষ্ট বৃদ্ধিৰ কথা ঘোষণা কৰিছিল।
পূৰ্বে বিহাৰৰ জ্যেষ্ঠ নাগৰিক, বিধৱা আৰু বিশেষভাৱে সক্ষম নাগৰিকে সামাজিক সুৰক্ষা পেঞ্চন আঁচনিৰ অধীনত প্ৰতিমাহে ৪০০ টকা লাভ কৰিছিল। শেহতীয়াকৈ ১১০০ টকালৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ এই ভাট্টা এবাৰতে ৭০০ টকা বৃদ্ধি কৰা হয়। নীতিশ কুমাৰে কয় যে জুলাইৰ পৰা বিহাৰৰ ৰাইজে এই বৰ্ধিত হাৰত এই ভাট্টা লাভ কৰিব।
উল্লেখ্য যে বিহাৰৰ শাসকীয় জেডিইউ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় মিত্ৰজোঁট এন ডি এৰ অংশীদাৰ। অক্টোবৰ-নৱেম্বৰৰ ভিতৰত বিহাৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত কেইবাবাৰো প্ৰচাৰ চলাইছে।
চৰকাৰৰ উন্নয়ন আৰু জনমুখী প্ৰকল্পক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি বিৰোধী আৰ জে ডি-কংগ্ৰেছক প্ৰতিহত কৰিব বিচাৰিছে নীতিশ কুমাৰে।










