
ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিব নোৱাৰিব ইজৰাইলে (Iran Israel)। শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰে যে তেওঁলোকৰ সেই সামৰ্থ্য নাই। তেওঁ কয়, “তেওঁলোকৰ (ইজৰাইল) সামৰ্থ্য অতি সীমিত। তেওঁলোকে পাৰমাণৱিক কেন্দ্ৰৰ এটা সৰু অংশহে ভাঙিব পাৰে। কিন্তু তেওঁলোকে গভীৰলৈ যাব নোৱাৰে। তেওঁলোকৰ সেই সামৰ্থ্য নাই।”

উল্লেখযোগ্য যে এতিয়ালৈকে জানিব পৰা গৈছে যে ইৰাণৰ মুঠ তিনিটা পাৰমাণৱিক কেন্দ্ৰ আছে, য’ত তেওঁলোকে ইউৰেনিয়াম সমৃদ্ধিৰ কাৰ্যসূচী চলাই আছে। ইয়াৰ ভিতৰত ফৰ্ড’ পাৰমাণৱিক কেন্দ্ৰটো এটা পাহাৰ কাটি নিৰ্মাণ কৰা হৈছে। সেই কেন্দ্ৰৰ সকলো কাম মাটিৰ গভীৰতাত কৰা হয়। অনুমান কৰা হৈছে যে তেহৰানে এই পদক্ষেপক সম্ভাৱ্য আক্ৰমণৰ পৰা পাৰমাণৱিক কেন্দ্ৰটোক ৰক্ষা কৰিবলৈ লোৱা হৈছে।
ইয়াৰ পূৰ্বে ইজৰাইলৰ বাহিনীয়ে ইৰাণৰ ফৰ্ড’ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল। অৱশ্যে ইয়াৰ কোনো ক্ষতি হোৱা নাই বুলি ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই প্ৰকাশ কৰে। গাৰ্ডিয়ানত প্ৰকাশিত বাতৰি অনুসৰি, ট্ৰাম্পে নিশ্চিত হ’ব বিচাৰে যে আমেৰিকাৰ ‘বাংকাৰ বাষ্টাৰ’ বোমাই ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিব পাৰে নেকি।
যদি ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰিব পৰা যায়, তেন্তে ইৰাণ দুৰ্বল হৈ পৰিব। সূত্ৰ অনুসৰি, ট্ৰাম্পে আমেৰিকাৰ প্ৰতিৰক্ষা বিষয়াসকলক এই কথা জনাইছে। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ কিমান গভীৰ ভূগৰ্ভত আছে সেয়া সম্পূৰ্ণ স্পষ্ট নহয়। কিন্তু ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদে অনুমান কৰিছে যে এই পাৰমাণৱিক কেন্দ্ৰটো খুব বেছি ৩০০ ফুট (৯০ মিটাৰ) দ হ’ব পাৰে।
‘ইজৰাইলৰ ক্ষমতা সীমিত’ এই বাৰ্তাৰে ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে সংঘাতত আমেৰিকাৰ প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰা বুলি ধাৰণা কৰা হৈছে। কিন্তু ইৰাণৰ বিৰুদ্ধে পেন্টাগনে অতি সোনকালে অস্ত্ৰ তুলি ল’বনে? এই প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, “সেয়া হ’ব অন্তিম পদক্ষেপ।” অৱশ্যে আমেৰিকাই এনে পদক্ষেপ ল’বনে নাই সেই কথা ট্ৰাম্পে প্ৰকাশ কৰা নাই।
ইয়াৰ পূৰ্বে তেওঁ কৈছিল যে দুসপ্তাহৰ ভিতৰত আমেৰিকাই ইৰাণৰ বিৰুদ্ধে প্ৰত্যক্ষ সংঘাতত লিপ্ত হ’বনে নাই সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব। শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে ইৰাণক নিজৰ যুক্তি দাঙি ধৰিবলৈ কিছু সময় দিয়া হৈছে।









