
বুধবাৰে শ্বিলং জিলা আৰু ছেছন আদালতত হাজিৰ কৰোৱা হয় সোণম, তেওঁৰ প্ৰেমিক ৰাজ আৰু বিশাল, আনন্দ, আকাশ ৰাজপুতক (Raja Raghubanshi Murder Case)। আৰক্ষীয়ে ১০ দিনৰ জিম্মা বিচাৰে আৰু আদালতে ৮ দিনৰ জিম্মা প্ৰদান কৰে। সংবাদ মাধ্যমৰ সূত্ৰ মতে, সোণমে জেৰাৰ সময়ত স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

ইফালে নিতৌ ইটোৰ পিছত সিটোকৈ তথ্য ফাদিল হৈ আছে মেঘালয় হত্যাকাণ্ডৰ ঘটনাত। প্ৰায় ন ঘণ্টা ধৰি পৰিকল্পনা কৰি সোণম-ৰাজে কেনেকৈ ঠাণ্ডা মগজুৰে ৰাজাক হত্যা কৰিলে সেই কথা পোহৰলৈ অহাত সাধাৰণ মানুহ স্তম্ভিত হৈ পৰিছে।
একাধিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, বুধবাৰে মেঘালয় আৰক্ষীয়ে সোণমক জেৰা কৰে। জেৰাৰ সময়ত সোণমে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। ইয়াৰ পিছত আদালতত হাজিৰ কৰোৱা হয়।
আনহাতে, সোণমৰ ভাতৃদ্বয়ে কয় যে তেওঁলোকে ভনীয়েকৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সোণমৰ ভাতৃ গোবিন্দই ৰাজাৰ পৰিয়ালক সাক্ষাৎ কৰি কয় যে যদি তেওঁলোকৰ ভগ্নী দোষী সাব্যস্ত হয়, তেন্তে ফাঁচি দিলেও পৰিয়ালে একো নক’ব।
সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ১১ মে’ত ৰাজা আৰু সোণমৰ বিবাহ হয়। ঠিক পাঁচ দিনৰ পিছত ৰাজে শৈশৱৰ তিনিজন বন্ধু আনন্দ, আকাশ আৰু বিশালক কেফেলৈ মাতি আনে। ৰাজাক হত্যা কৰাৰ পৰিকল্পনাৰ কথা কয়। আনকি বিপুল পৰিমাণৰ ধনেৰেও তেওঁলোকক প্ৰলোভিত কৰিছিল।
২০ মে’ত ৰাজা আৰু সোণম মেঘালয়ত মধুচন্দ্রিকালৈ ৰাওনা হয়। তেওঁলোকৰ হাতত আছিল মাত্ৰ আগমনৰ টিকট। তেওঁলোকৰ উভতি যোৱাটো অনিশ্চিত আছিল। বাকী তিনিজনো তেওঁলোকৰ পিছে পিছে যায়। গুৱাহাটী পোৱাৰ লগে লগে ভাড়াতীয়া হত্যাকাৰী তিনিজনে শ্বিলঙলৈ ৰাওনা হয়।
সোণম আৰু ৰাজাৰ হোমষ্টেৰ কাষতে থকা হোটেল এখনত বাহৰ পাতে। শ্বিলং পোৱাৰ পিছত সোণম আৰু ৰাজাই তিনিদিন পাহাৰীয়া অঞ্চলত ঘূৰি ফুৰিছিল। ২৩ মে’ত সোণমে ফটোশ্বুটৰ অজুহাতত ৰাজাক লৈ গৈছিল এক নিৰ্জন এলেকালৈ।
আনন্দ, আকাশ আৰু বিশাল সেই ঠাই পালেহি। আনকি হিন্দীতে কথা পাতে ৰাজাৰ লগত। সূত্ৰ অনুসৰি, অঞ্চলটোত উপস্থিত হোৱাৰ লগে লগে সোণমে ভাগৰুৱা অনুভৱ কৰা বুলি কয়।
ভাগৰুৱা হৈ তেওঁ ৰাজাৰ পিছফালে পাহাৰীয়া ৰাস্তাটোত খোজকাঢ়ি গৈ থাকে। অলপ সময় খোজকাঢ়ি গৈ পাঁচোজনে অধিক নিৰ্জন ঠাই পায়গৈ। তাতে তেওঁ চিঞৰি চিঞৰি তিনিজন মানুহক মাতে ৰাজাক হত্যা কৰিবলৈ। নিমিষতে সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড।










