ASSAM TIMES POST
স্প’ৰ্টছ ডেস্কঃ
বিশ্ব কাপ ক্ৰিকেটৰ ফাইনেলৰ দল নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিক খেলত ৪ উইকেটত পৰাস্ত হয় ভাৰত৷ আজি হেমিল্টনত অনুষ্ঠিত তিনিখনীয়া শৃংখলাটোৰ প্ৰথমখনত পোনতে বেটিং কৰি ভাৰতে ৫০ অভাৰত চাৰি উইকেটত ৩৪৭ ৰান কৰে৷
ভাৰতৰ শ্ৰেয়াছ আয়াৰে ১০৭ টা বলত এটা ছয় আৰু ১১ চাৰিৰে ১০৩ আৰু কে এল ৰাহুলে ৬ টা ছয় আৰু ৩ টা চাৰিৰে ৮৮ ৰান কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়৷ তদুপৰি অধিনায়ক বিৰাট কোহলিয়ে ছটা ৪ ৰে ৫১ ৰান কৰে৷ নিউজীলেণ্ডৰ টিম ছাউদিয়ে দুটা উইকেট লাভ কৰে৷ প্ৰত্যুত্তৰত নিউজীলেণ্ডৰ ৰছ টেইলৰে চাৰিটা ছয় আৰু দহটা চাৰিৰে ১০৯, হেনৰী নিকলছে ৭৮ আৰু টম লাথামৰ ৬৯ ৰানৰ সহায়ত ৪৮.১ অভাৰত ৬ উইকেটৰ বিনিময়ত ৩৪৮ ৰান কৰি জয়ী হয়৷ ভাৰতৰ কুলদীপ যাদবে দুটা উইকেট লাভ কৰে৷













