তদন্তকাৰীক বিপথে পৰিচালিত কৰাৰ প্ৰয়াসত সোণম ৰঘুবংশীয়ে (Raja Raghuvanshi) কোনো চেষ্টাৰ ত্ৰুটি কৰা নাই। তদন্তকাৰীয়ে জানিব পাৰিছে যে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পিছত সোণমে স্বামীৰ ফোন আৰু একাউণ্ট ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিল।

পোষ্টটোত লিখা আছিল ‘সাত জনমৰ সংগী’। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২৩ মে’ত ৰাজাক হত্যা কৰা হৈছিল। ইয়াৰ পিছত সোণমে ৰাজাৰ ফোন আৰু একাউণ্ট ব্যৱহাৰ কৰি দুপৰীয়া ২.১৫ বজাত পোষ্টটো পোষ্ট কৰে।
তদন্তকাৰীৰ মতে, সোণমে এই কৌশল ব্যৱহাৰ কৰি স্বামী জীয়াই আছে বুলি বাৰ্তা প্ৰেৰণ কৰাৰ লগতে ভৱিষ্যতে সম্ভাৱ্য তদন্তৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰিছিল। ১১ মে’ত ৰাজাৰ সৈতে বিবাহপাশত আবদ্ধ হয় সোণমে। মধুচন্দ্ৰিকালৈ আহিছিল মেঘালয়ৰ চেৰাপুঞ্জীলৈ। ২৩ মে’ত তাৰ পৰা নিৰুদ্দেশ হয়।
১০ দিনৰ মূৰত ৰিয়াৰ আৰলিয়াঙৰ খাৱৈৰ পৰা উদ্ধাৰ কৰে ৰাজাৰ মৃতদেহ। ইতিমধ্যে ৰাজাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিছে মেঘালয় আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁৰ মূৰৰ পিছফালে, ডিঙিৰ ওপৰত গভীৰ ঘা পোৱা গৈছে। কপালৰ ওপৰৰ অংশত আৰু এটা আঘাতৰ চিন।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৰাজাৰ মূৰৰ দুয়োফালে কিবা এটা চোকা বস্তুৰে আঘাত কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাজাৰ শৰীৰত বহু আঘাতৰ চিন আছিল। অৱশ্যে ‘আটাইতকৈ গুৰুতৰ’ আঘাত দুটা মূৰৰ দুয়োফালে।
দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ এখন ধাবাৰ পৰা গ্ৰেপ্তাৰ হয় সোণমক। তেওঁৰ গহনা চুৰি হোৱা বুলি ধাবাৰ মালিকক দাবী কৰে। তেওঁক অপহৰণ কৰা হৈছিল বুলি উল্লেখ কৰি কয় যে তেওঁ নাজানে কেনেকৈ তেওঁ তাত উপস্থিত হ’ল।