সমগ্ৰ উত্তৰ ভাৰতত বৃদ্ধি পাইছে গ্ৰীষ্মপ্ৰবাহ (Heatwave)। ইতিমধ্যে দেশৰ ৬খন ৰাজ্যৰ ১৮খন চহৰত তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। পৰিস্থিতি এনে এটা স্তৰত আছে যে গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

কোনো কোনো ঠাইত ৪৫ ডিগ্ৰী, কোনো কোনো ঠাইত ৪৭ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। ৰাজস্থানৰ শ্ৰীগংগানগৰত তাপমাত্ৰাই ৪৭ ডিগ্ৰী অতিক্ৰম কৰিছে। গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা ৬খন ৰাজ্য হ’ল ৰাজস্থান, মধ্যপ্ৰদেশ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী আৰু ওড়িশা।
মঙলবাৰে দিল্লী-এনচিআৰ, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ অধিকাংশ জিলাত গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে। মঙলবাৰে দিল্লীৰ সৰ্বোচ্চ উষ্ণতা প্ৰায় ৪৫ ডিগ্ৰী হ’ব বুলি জানিব পৰা গৈছে। এই ৰাজ্যসমূহত আগন্তুক দুদিনলৈ গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব বুলি সকীয়াই দিয়া হৈছে।
জম্মু-কাশ্মীৰৰ একাংশ অঞ্চলতো সতৰ্কবাণী জাৰি কৰা হৈছে।
ৰাজ্যিক বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে ৰাজস্থানত গ্ৰাষ্মপ্ৰবাহ আৰু তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। পশ্চিম জিলা জয়ছলমেৰ, বৰমেৰ, যোধপুৰ, পালি, জালৌৰ আৰু ছিৰোহী জিলা অধিক ক্ষতিগ্ৰস্ত হ’ব।
উত্তৰ প্ৰদেশৰ ১৯খন জিলাত গ্ৰীষ্মপ্ৰবাহ আৰু লুৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সোমবাৰে আগ্ৰা আৰু ঝান্সীত সৰ্বোচ্চ উষ্ণতা ৪৫.৯ ডিগ্ৰী চেলছিয়াছ আছিল। হাৰিয়ানাৰ হিছাৰ, ফাতেহাবাদ, হিছাৰ, ভীৱানী আৰু ৰোহটকৰ বাবেও গৰমৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
আনহাতে, কেৰালা, কৰ্ণাটক, পুডুচেৰী, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, ছিকিম, পশ্চিমবংগ, মধ্যপ্ৰদেশ, ওড়িশা, ছত্তীশগড় আৰু ঝাৰখণ্ডত ধুমুহা আৰু বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।