ভাৰত কোনো ধৰ্মশালা নহয়। সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক ইয়াত আশ্ৰয় দিব নোৱাৰি। উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ শুনানিৰ সময়ত মৌখিক পৰ্যবেক্ষণত এই কথা উল্লেখ কৰে। শ্ৰীলংকাৰ তামিল নাগৰিকক আটক কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত (Supreme Court) গোচৰ ৰুজু হৈছিল।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে গোচৰ খাৰিজ কৰাৰ সময়ত এই পৰ্যবেক্ষণ কৰে।
আইনী বাতৰি ৱেবছাইট ‘লাইভ ল’ৰ মতে ন্যায়াধীশ দত্তই কয়, “ভাৰত সমগ্ৰ বিশ্বৰ শৰণাৰ্থীৰ আশ্ৰয়স্থল হৈ পৰিছে নেকি? আমাৰ নিজা 1.40 কোটি (জনসংখ্যা) আছে।
এইটো এনেকুৱা ধৰ্মশালা নহয় যে আমি সমগ্ৰ বিশ্বৰ বিদেশী নাগৰিকৰ বাবে ব্যৱস্থা কৰিম।” এই ক্ষেত্ৰত আবেদনকাৰী, শ্ৰীলংকাৰ তামিল নাগৰিক, ইউ এ পি এৰ অধীনত অভিযোগৰ সন্মুখীন হৈছে। ইয়াৰ পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কৈছিল যে অভিযুক্তই সাত বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰাৰ লগে লগে ভাৰত এৰি যাব লাগিব।
এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল শ্ৰীলংকাৰ নাগৰিকগৰাকীয়ে। তেওঁৰ অধিবক্তাই দাবী কৰিছে যে অভিযুক্তই ভিছা লৈ এই দেশলৈ আহিছিল। লগতে নিজৰ দেশত নিজৰ জীৱন বিপদত পৰা বুলিও কয়। অধিবক্তাগৰাকীয়ে লগতে আঙুলিয়াই দিয়ে যে অভিযুক্তক প্ৰায় তিনি বছৰ ধৰি শৰণাৰ্থী শিবিৰত ৰখা হৈছে।
তেতিয়া ন্যায়াধীশ দত্তই জানিব বিচাৰে যে ভাৰতত উক্ত ব্যক্তিজনৰ কি অধিকাৰ আছে নেকি? তেতিয়া আবেদনকাৰীৰ অধিবক্তাই কয় যে তেওঁৰ মক্কেল এজন শৰণাৰ্থী আৰু তেওঁৰ পত্নী আৰু সন্তানো ভাৰতত থাকে। কিন্তু আদালতে সেই যুক্তি গ্ৰহণযোগ্য বুলি বিবেচনা নকৰে।
ন্যায়াধীশ দত্তই স্পষ্ট কৰি দিয়ে যে সংবিধানৰ ১৯ নং অনুচ্ছেদ অনুসৰি ভাৰতত স্থায়ীভাৱে বাস কৰাৰ মৌলিক অধিকাৰ কেৱল এই দেশৰ নাগৰিকসকলৰহে আছে। লগতে তেওঁৰ জীৱনৰ বিপদ সন্দৰ্ভতো আদালতে আবেদন নাকচ কৰে। নিজৰ দেশলৈ উভতি গ’লে ব্যক্তিজনৰ জীৱন বিপদত পৰিব বুলি শুনি ন্যায়াধীশ দত্তই কয়, “তেন্তে আন এখন দেশলৈ যাওক!”
উল্লেখ্য যে শেহতীয়াকৈ ভাৰতৰ পৰা ৰহিংগীয়া শৰণাৰ্থীক বিতাড়ন ৰোধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল। উক্ত গোচৰতো উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিব বিচৰা নাছিল।