ভাৰতীয় সেনা আৰু স্থানীয় আৰক্ষীয়ে দেওবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ঝুলাছ, সালোত্ৰী, ধৰাতি আৰু চালানী গাঁৱত এক বৃহৎ অভিযান চলাই ৪২টা অবিস্ফোৰিত বোমা নিষ্ক্ৰিয় কৰে (Pak attack in JK)। শেহতীয়াকৈ ভাৰত-পাকিস্তান সীমান্তত সংঘটিত সংঘৰ্ষৰ সময়ত সেনাৰ মুখপাত্ৰই কয় যে স্থানীয় বাসিন্দাসকলৰ বাবে প্ৰাণঘাতী ভাবুকি কঢ়িয়াই আনিছে।

সেনাৰ বোমা নিষ্কাশন দল আৰু আৰক্ষীৰ সমন্বয়ত অতি সাৱধানতাৰে এই অভিযান চলায়। কোনো ধৰণৰ ক্ষতিৰ পৰা হাত সাৰিবলৈ সুৰক্ষাৰ নিয়ম মানি বোমাবোৰ ধ্বংস কৰা হয়।
সেনাই কয় যে সংঘাতপ্ৰৱণ অঞ্চলত সাধাৰণ নাগৰিকৰ নিৰাপত্তা আৰু স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।
উল্লেখযোগ্য যে ৭ মে’ত ভাৰতে ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল। তাৰ পিছত ৮, ৯, ১০ মে’ত পাকিস্তানে ভাৰতীয় ঘাটিৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ চেষ্টা কৰে। যোৱা ১০ মে’ত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হয়।