কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিঙ চৌহানে আজি বোকাখাতৰ গদাধৰ সিংহৰ স্মৃতি বিজড়িত শ্ৰীশ্ৰী কাকগোঁসানী দূৰ্গা থান পৰিদৰ্শন কৰাৰ লগতে বোকাখাতৰ ঐতিহ্যমণ্ডিত কুমাৰণী আটীৰ শ্ৰীশ্ৰী চিকন আতাৰ থানও পৰিদৰ্শন কৰে। আজি বোকাখাতৰ ঐতিহ্যমণ্ডিত দুয়োভাগ থান পৰিদৰ্শন কৰি দেশৰ কুশল মংগলৰ বাবে বন্তি প্ৰজ্বলন কৰি আশীৰ্বাদ লয় মন্ত্ৰীজনাই।
দুয়োখন থানতে মন্ত্ৰী গৰাকীক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। শ্ৰীশ্ৰী চিকুন আতা থানত মন্ত্ৰী গৰাকীক ফুলাম গামোচাৰে আদৰণি জনায় থান পৰিচালনা সমিতিৰ সভাপতি অপূৰ্ব বৰদলৈয়ে আৰু পুথি আৰু কীৰ্তন ঘোষা প্ৰদান কৰে পৰিচালনা সমিতিৰ বিষয় ববীয়া ডালিম কলিতাই। শ্ৰীশ্ৰী চিকন আতাৰ থান প্ৰাংগনত আজি মন্ত্ৰী গৰাকীয়ে ৰুদ্ৰাক্ষৰ বৃক্ষ ৰোপন কৰে।
আনহাতে শ্ৰীশ্ৰী কাকগোঁসানী থানত মন্ত্ৰী শিৱৰাজ সিঙ চৌহানক এখনি ফুলাম গামোচাৰে আদৰণি জনায় থান পৰিচালনা সমিতিৰ সভাপতি দিলীপ শইকীয়াই। উল্লেখ্য যে বৃহস্পতিবাৰে দুপৰীয়াৰ পৰা বিয়লিলৈ মন্ত্ৰী গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী ৰেঞ্জ পৰিদৰ্শন কৰাৰ পাছত বোকাখাতৰ দুয়োভাগ থান পৰিদৰ্শন কৰি আজি উভতি যায়।
আজি বোকাখাতৰ থান পৰিদৰ্শনৰ সময়চোৱাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে কাজিৰঙা সংসদীয় সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বোকাখাত সমজিলাৰ প্ৰশাসনীয় বিষয়া সকল, বোকাখাতৰ একাংশ বিশিষ্ট সমাজকৰ্মী, গণ্যমান্য ব্যক্তিৰ লগতে বিশিষ্ট সমাজকৰ্মী অনিমেষ শইকীয়া, যুৱ সমাজকৰ্মী তথা চিকন আতা থান পৰিচালনা সমিতিৰ বিষয় ববীয়া ডালিম কলিতা আদিয়ে।