শুকুৰবাৰে পুৱাৰ ভাগতে জম্মু-কাশ্মীৰৰ (Jammu-Kashmir) পুঞ্চ জিলাত এটা বিস্ফোৰণৰ শব্দ শুনা যায়। অৱশ্যে শব্দটো কি আৰু ইয়াৰ উৎপত্তি ক’ত হৈছিল সেয়া স্পষ্ট হোৱা নাই। সংবাদ সংস্থা এ এন আইৰ মতে, নিয়ন্ত্ৰণৰেখাৰ (এলঅ’চি) ওচৰত শব্দটো শুনা গৈছিল। সংবাদ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি, বিস্ফোৰণৰ শব্দৰ পিছত জম্মু-কাশ্মীৰৰ প্ৰায় সকলো অংশ পুনৰ ব্লেকআউট কৰি দিয়া হয়। অঞ্চলটো অন্ধকাৰত নিমজ্জিত হয়। চাইৰেনো বাজে।

আনহাতে, পাকিস্তানে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ কাষত আক্ৰমণ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত চাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি কিছু সন্ত্ৰাসবাদীয়ে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰে। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীয়ে (বি এছ এফ) এই প্ৰচেষ্টা বিফল কৰে।
ইয়াৰ আঁৰত পাকিস্তানী সেনাৰ হাত আছে বুলি অনুমান কৰা হৈছে। বি এছ এফে কয় যে চাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এক বৃহৎ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰা হৈছে। বি এছ এফে এতিয়ালৈকে স্পষ্ট কৰা নাই যে গুলীচালনাত কোনো সন্ত্ৰাসবাদী নিহত হৈছিল নে নাই। বি এছ এফৰ বিষয়াসকলে কয় যে পুৱা অনুসন্ধান অভিযান চলালেহে এই বিষয়টো স্পষ্ট হ’ব পাৰে।
জম্মুৰ উপৰি বৃহস্পতিবাৰে নিশা পাকিস্তানে ৰাজস্থান আৰু পঞ্জাৱৰ কিছু অংশত ড্ৰোন আক্ৰমণ কৰে। মিছাইল, মৰ্টাৰবোৰ তাত এটাৰ পিছত এটাকৈ পৰে। পাকিস্তানী আক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে তিনিওখন ৰাজ্যৰ সীমান্ত অঞ্চলত লাইটবোৰ বন্ধ কৰি দিয়া হয়। পঞ্জাৱৰ ৰাজধানী চণ্ডীগড়ত চাইৰেন বজোৱা হয়। গোটেই বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনোৱা হয়। তেওঁক ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে সকলো জনায়।