মঙলবাৰে ভূস্বৰ্গৰ ভূমিত পৰি আছে এজন যুৱক। তেওঁৰ কাষত হতভম্ব, শোক বিহ্বল আৰু নিৰ্বাকভাৱে বহি আছে এগৰাকী যুৱতী। তেওঁ নাজানে ক’ৰ পৰা কি হ’ল।

সেই একেগৰাকী যুৱতীয়ে বুধবাৰে তেওঁৰ কফিনৰ সন্মুখত চিঞৰি চিঞৰি কান্দোনত ভাগি পৰিছে। চকুলোৰে বাট নেদেখা হৈছে।
২৪ ঘণ্টাৰ ভিতৰত সমগ্ৰ বিশ্বই এই দুই দৃশ্য প্ৰত্যক্ষ কৰিছে। এয়া হৈছে হাৰিয়ানাৰ হিমাঞ্চী নৰৱাল আৰু বিনয় নৰৱালৰ ছবি। মাত্ৰ সাত দিন পূৰ্বে তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ হনিমুন সৰগীয় অনুভৱেৰে ৰঙীন কৰিবলৈ ভূস্বৰ্গলৈ গৈছিল। কিন্তু নিমিষতে সকলো শেষ হৈ যায়।
বুধবাৰে নৱবিবাহিত পত্নীয়ে কিছু সময় তেওঁৰ স্বামীৰ কফিনৰ সন্মুখত নীৰৱে থিয় হৈ থাকে। চকুত কেৱল শূন্যতা। কিছু সময়ৰ পিছত নীৰৱতা ভংগ কৰি তেওঁ কফিনটোক সাৱটি কান্দি উঠে। তেওঁ কয়, “তোমাৰ ভাল হওক। তুমি আমাৰ গৌৰৱ।”
হিমাঞ্চীয়ে হিয়া ঢাকুৰি কান্দি আছিল। এসপ্তাহ পূৰ্বে তেওঁ নৌসেনাৰ লেফটেনেণ্ট বিনয়ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। মধুচন্দ্রিমাকা উদযাপনৰ বাবে তেওঁলোক কাশ্মীৰলৈ গৈছিল।
নৌসেনাৰ লেফটেনেণ্টগৰাকী মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহেলগাম ভ্ৰমণত আছিল। দুয়োৱে একেলগে ভেলপুৰী খাই আছিল। সেই সময়তে হঠাতে সন্ত্ৰাসবাদী আহি তেওঁলোকৰ সন্মুখত থিয় হয়।
“যেতিয়া তেওঁলোক আমাৰ সন্মুখলৈ আহিছিল, তেওঁলোকে কৈছিল যে তেওঁক (বিনয়) মুছলমানৰ দৰে দেখা নাযায়। শ্বুট কৰক।” লগে লগে গুলীচালনা কৰা হৈছিল। নৱবধুৰ সন্মুখতে গুলীয়াই হত্যা কৰা হৈছিল স্বামীক।
বৈছাৰণত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঠিক পিছতে এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। তাত দেখা গৈছে যে এগৰাকী যুৱতী মৃত যুৱকজনৰ ওচৰত বহি আছে। সমগ্ৰ ঘটনাটোৰ আকস্মিকতাত তেওঁ হতবাক হৈ পৰিছে।
পিছত এইটো প্ৰকাশ পায় যে যুৱকজন নৌসেনাৰ লেফটেনেণ্ট বিনয় আছিল। তেওঁ হাৰিয়ানাৰ বাসিন্দা আৰু বৰ্তমান কোচিত কৰ্মৰত। তেওঁ ১৬ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল। বিনয় আৰু হিমাঞ্চীয়ে তেওঁলোকৰ মধুচন্দ্রিকাৰ বাবে ইউৰোপক বাছনি কৰিছিল।
কিন্তু তেওঁ ভিছা নোপোৱাৰ বাবে অৱশেষত জম্মু-কাশ্মীৰলৈ যোৱাৰ সিদ্ধান্ত লয়। কিন্তু দুৰ্ভাগ্যবশত বিনয়ে তাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয়।
বিনয়ৰ মৃতদেহ বুধবাৰে দিল্লী বিমানবন্দৰত উপস্থিত হয়।
“মই প্ৰাৰ্থনা কৰিছোঁ যাতে তোমাৰ আত্মাই শান্তি লাভ কৰে।” হিমাঞ্চীয়ে স্বামীৰ কফিন ৰখা স্থানত বাধাহীনভাৱে কান্দি কান্দি কয়। কিছু সময়ৰ বাবে নিজকে নিয়ন্ত্ৰণ কৰি সদ্য বিধৱাগৰাকীয়ে কয়, “মই তেওঁৰ দৰে হাঁহি থকা লোক খুব কম দেখিছোঁ । তেওঁ য’তেই থাকে সকলোকে আকৰ্ষিত কৰি ৰাখিছিল। আমি সকলোৱে তেওঁৰ বাবে গৌৰৱান্বিত…।”
নৌসেনাপ্ৰধান এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়ে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত লেফটেনেণ্ট জেনেৰেল বিনয়ক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।