পহেলগাম গণহত্যাৰ পিছত দেশৰ তিনিওটা শক্তিক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh) বুধবাৰে আবেলি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰতিৰক্ষা প্ৰধান জেনেৰেল অনিল চৌহান আৰু তিনিওটা সেৱাৰ মুৰব্বীও বৈঠকত উপস্থিত থাকে।

সূত্ৰ অনুসৰি, প্ৰায় আঢ়ৈ ঘণ্টা ধৰি চলা বৈঠকত সৰ্বোচ্চ সামৰিক প্ৰস্তুতি অব্যাহত ৰাখিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি উগ্ৰবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰিবলৈও কোৱা হৈছে। বৈঠকৰ পিছত ৰাজনাথ সিঙে এক বিবৃতিত কয় যে কেৱল হত্যাকাৰীয়েই নহয়, আঁৰত থাকি ষড়যন্ত্ৰ কৰা সকলকো উত্তৰ দিয়া হ’ব।
উল্লেখ্য যে মঙলবাৰে জম্মু-কাশ্মীৰৰ পহেলগাম জিলাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৬ জন লোক নিহত হয়। তেওঁলোকৰ এজনৰ বাহিৰে সকলো পৰ্যটক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই আক্ৰমণক কাপুৰুষালি বুলি অভিহিত কৰে।
“মই দেশৰ জনসাধাৰণক আশ্বাস দিব বিচাৰো যে চৰকাৰে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব। আমি কেৱল এই আক্ৰমণৰ অপৰাধীসকলৰ বিৰুদ্ধেই নহয়, কিন্তু যিসকলে পৰ্দাৰ আঁৰত থাকি ষড়যন্ত্ৰ কৰিছিল তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিম। যিসকলে এইটো ঘটাইছিল তেওঁলোকে সোনকালেই এক শক্তিশালী আৰু স্পষ্ট সঁহাৰি দেখিব। ”